সৰভোগত শাৰিৰীকভাৱে অসুস্থ আৰ্তজনৰ কাষত আছু, প্ৰেছ ক্লাব আৰু বৰনগৰ বাৰ্তাৰ দল

 04/27/2020 - 12:35

খাৰিজা বিজনী: সৰভোগৰ চোমাৰখাট গাঁৱৰ শাৰীৰিকভাৱে অসুস্থ পূৰ্ণ দাসৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে তেওঁৰ পৰিয়ালক খাদ্য যোগান ধৰা হয়। ১৯৪২ চনৰ স্বাধীনতা আন্দোনৰ সৈনিক তথা নাট্যশিল্পী ব্ৰজনাথ শৰ্মাৰ লগত স্বাধীনতা আন্দোনত জঁপিয়াই পৰা স্বাধীনতা সংগ্ৰামী ৰত্নেশ্বৰ দাসৰ পুত্ৰ পূৰ্ণ দাস 

সম্প্ৰতি তেওঁ শয্যাগত হোৱাৰ বাবে তীব্ৰ আৰ্থিক সংকটত ভোগে তাৰ পিছতেই বৰনগৰ প্ৰেছ ক্লাৱ আৰু বৰনগৰ বাৰ্তাই পৰিয়ালটোক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ লগতে বৰনগৰ ঞ্চলিক ছাত্ৰ সন্থাই নগদ তিনি হাজাৰ প্ৰদান কৰে

উল্লেখ্য যে পৰিয়ালটোলৈ বিধায়ক ৰঞ্জিত কুমাৰ দাসে ইতিপূৰ্বে দহ হাজাৰ টকাৰ আৰ্থিক অনুদান আগবঢ়াইছিল

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।