বিদ্যুৎ বিভাগৰ গাফিলতিঃ দলগাঁৱত মৃত্যু ৩টা ষাড় গৰু

 04/29/2019 - 20:46

দলগাঁওঃ দৰঙৰ খাৰুপেটীয়া বিদ্যুৎ উপ-সংমণ্ডলৰ বিষয়া-কৰ্মচাৰীৰ গাফিলতিৰ ফলত প্ৰাণ গ'ল তিনিটা গৰুৰ৷ ৰাস্তাৰ কাষত থকা ১১০০০ হাইভল্টেচ খুঁটাৰ আৰ্থিং(Earthing) তাঁৰত লাগি তিনিটাকৈ গৰু থিতাতে মৃত্যু হয় যদিও কথমপি ৰক্ষা পৰে আন চাৰিটা গৰু।

এই ঘটনা সংঘটিত হয় দৰঙৰ দলগাঁৱৰ কোনাকাটা গাঁৱত। তিনিটাকৈ গৰু মৃত্যুত ব্যাপক লোকচানৰ সন্মুখীন হোৱাত মূৰে-কপালে হাত দিবলগীয়া হৈছে পশুপালক ছলিম আলী। পশুপালক ছলিম আলীক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ বাবে চৰকাৰক দাবী জনাইছে ৰাইজে।

উল্লেখযোগ্য যে পূৰ্বেও খাৰুপেটীয়া বিদ্যুৎ সংমণ্ডলৰ বিষয়া-কৰ্মচাৰীৰ অমনোযোগিতাৰ ফলত এনে দুৰ্ঘটনা সংঘটিত হৈছে যদিও বৰ্তমানেও কোনো ধৰণৰ গুৰুত্ব নাই অসম চৰকাৰৰ বিদ্যুৎ বিভাগৰ বিষয়া-কৰ্মচাৰীৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।