পৰিৱেশলৈ অশনি সংকেত কঢ়িয়াই অনা ডবকাৰ শিলৰ কোঁৱেৰি বন্ধৰ দাবী

 04/29/2019 - 21:04

ডবকাঃ  অসমত চৰকাৰৰ শূন্য সহনশীল নীতি এতিয়া ধোঁৱাচাঙত পৰিণত হৈছে৷ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ বিভাগত এতিয়া চলিছে কমিচনৰ মুকলি বজাৰ৷ কমিচনৰ বিনিময়ত সকলো নিয়ম জলাঞ্জলি দি ডবকাত চলিছে বনজ সম্পদ লুণ্ঠন অভিযান৷ বনজ সম্পদ লুণ্ঠনৰ ফলত ডবকাৰ সেউজ বনভূমিলৈও তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে৷ বাতৰি অনুসৰি দক্ষিণ নগাঁও বন সংমণ্ডল প্ৰাধিকাৰীৰ অন্তৰ্গত ভেলৌগুৰীত সম্প্ৰতি চাৰিটাকৈ শিলৰ কোঁৱেৰি সক্ৰিয় হৈ আছে৷

এই কোঁৱেৰিকেইটাৰ পৰা প্ৰতিদিনে ১০ লাখৰো অধিক টকাৰ ৰাজহ ফাঁকি দি এটা চক্ৰই চলাই গৈছে শিলৰ ৰমৰমীয়া ব্যৱসায়৷ জানিব পৰা মতে দক্ষিণ নগাঁও বন সংমণ্ডলৰ অন্তৰ্গত ডবকাৰ ভেলৌগুৰী, মদাৰতলিত জয় আই প্ৰগ্ৰেচিভ চ'ছাইটি নামৰ বেচৰকাৰী সংস্থাটোৰ নামত এটা কোঁৱেৰিৰ অনুমতি থকাৰ লগতে বৰ্তমানৰ বিজেপি চৰকাৰে ডবকাৰ অলিউৰ ৰহমান লস্কৰ আৰু ফাৰহান আহমেদৰ নামত নতুনকৈ দুটা শিলৰ কোঁৱেৰিৰ অনুমতি দিছে৷

তিনিওটা কোঁৱেৰি প্ৰায় একে ঠাইতে৷ পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত অনুমতি লাভ কৰা জয় আই প্ৰগ্ৰেছিভ চ'ছাইটিৰ নামত থকা কোঁৱেৰিটোৰ গৰাকী যদিও এই বেচৰকাৰী সংস্থাটো৷ কিন্তু এই কোঁৱেৰিটোৰ লগত ডবকা, মদাৰতলিৰ বহুকেইজন শিলৰ ব্যৱসায়ী বিভিন্ন প্ৰকাৰে জড়িত হৈ পৰিছে৷

এই কোঁৱেৰিটোৰ পৰা শিল আহৰণ কৰিবলৈ ব্যৱহাৰ কৰা বিস্ফোৰক পদাৰ্থই পাহাৰৰ দাঁতিকাষৰীয়া গাঁৱৰ লোকৰ ঘৰ-বাৰীত ক্ষতিসাধন কৰা বুলি মেছ উপাধিৰ বিজেপিৰ স্থানীয় এজন নেতাই হোজাই জিলা প্ৰশাসনৰ লগতে হোজাই বন বিভাগক অভিযোগ দিছিল৷ পৰৱৰ্তী সময়ত শিল ব্যৱসায়ীৰ লগত গোপন বুজাবুজি কৰি মেছ উপাধিৰ বিজেপি নেতা জনো শিলৰ ব্যৱসায়ৰ সৈতে জড়িত হৈ পৰে৷

এই কোঁৱেৰিটোৰ লগত প্ৰায় বিশ জনমান লোক বিভিন্ন প্ৰকাৰে জড়িত থকা বুলি অভিযোগ পোৱা গৈছে৷ শেহতীয়াকৈ অসম চৰকাৰৰ বন বিভাগে সকলো নীতি-নিয়মৰ মাজেৰে অলিউৰ ৰহমান লস্কৰ আৰু ফাৰহান আহমেদৰ নামত দুটাকৈ শিলৰ কোঁৱেৰি আবণ্টন দিয়ে৷ বৰ্তমান মহলদাৰে নিজৰ নিজৰ কোঁৱেৰি বন বিভাগৰ পৰা চমজি লৈছে৷ কিন্তু হঠাৎ বিজেপিৰ নাম লৈ মেছ উপাধিৰ লোকজনৰ লগতে অইন কেইবাগৰাকী লোক সক্ৰিয় হৈ পৰিছে৷

অভিযোগ মতে মেছ উপাধিৰ বিজেপি নেতাজনক এই দুই মহলৰ পৰাও কমিচন লাগে৷ কিন্তু মহলদাৰসকলে কমিছন নিদিওঁ বুলি কোৱাত যোৱা ২৭ এপ্ৰিলত বিজেপিৰ পশ্চিম বিন্নাকান্দি মণ্ডল সমিতিৰ নেতা জয়ভদ্ৰ মেছে মদাৰতলি খণ্ড বন বিষয়াক এক অভিযোগ দাখিল কৰিছে৷ অভিযোগত মদাৰতলিৰ ২, ৩ আৰু ৪ নম্বৰ কোঁৱেৰিৰ পৰা সৰবৰাহ হৈ থকা শিল কঢ়িওৱা গাড়ীবোৰে নিৰ্দিষ্ট পৰিমাণ অনুসৰি চালানৰ ব্যৱস্থা কৰাৰ দাবী তুলিছে৷

ইয়াতে উল্লেখ কৰা প্ৰয়োজন যে ডবকাৰ মদাৰতলিৰ শিলৰ কোঁৱেৰিৰ পৰা অবৈধ উপায়েৰে শ শ গাড়ী শিল সৰবৰাহ চলি আছে৷ ইয়াৰে একাংশ গাড়ীয়ে দিনত মাত্ৰ এবাৰকৈ চালান কাটি দিনটো ট্ৰিপ মাৰি থাকে৷ ফলত বুজন পৰিমাণৰ ৰাজহৰ পৰা বন বিভাগ বঞ্চিত হোৱাৰ লগতে এনেদৰে অবৈধ উপায়েৰে গৈ থকা গাড়ীবোৰৰ পৰা ৰীতি মতে বন বিভাগ, স্থানীয় কেইজনমান নেতা, শিল ভঙা ক্ৰেচাৰৰ মালিক উপকৃত হোৱা বুলি অভিযোগ উঠিছে৷

ডবকা বনাঞ্চলত থকা শিলৰ কোঁৱেৰিৰ ওপৰত নিৰ্ভৰ কৰি ডবকা অঞ্চলৰ প্ৰায় দহ টা শিলৰ কোঁৱেৰি চলি আছে৷ শিলৰ কোঁৱেৰিৰ নাম লৈ গঢ় লৈ উঠা এই অঘোষিত ছিণ্ডিকেটৰাজ বন্ধ কৰাৰ দাবী তুলিছে ৰাইজে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।