আমিনগাঁৱত ট্ৰাকত অনা ই ভি এমৰে ই ভি এম টেম্পাৰিঙৰ অভিযোগ কংগ্ৰেছৰ

 04/29/2019 - 21:19

উত্তৰ গুৱাহাটী: আমিন গাঁও কামৰূপ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় চৌহদত থকা ষ্ট্ৰং ৰূমত নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ষ্ট্ৰং ৰূমত তিনিখন বলেৰ' পিকআপ ভান আৰু তিনিখন তিৰপাল মেৰিওৱা ট্ৰাকত ই ভি এম মেচিন তেজপুৰৰ পৰা আনি সলনি কৰাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ কৰ্মীয়ে।

কংগ্ৰেছ ইয়ং বিগ্ৰেড সেৱা দলৰ সম্পাদক জিটু আহমেদ আৰু সদস্য মুফটাৰ আলীৰ ভাষ্য অনুসৰি আমিন গাঁও ষ্ট্ৰং ৰূমত পহৰাৰ দায়িত্ব থকা দুই কংগ্ৰেছ কৰ্মীয়ে নিশা ৯.৩০ বজাত বাহিৰত হঠাৎ তিনিখন বলেৰ' পিকআপ ভান অহা প্ৰত্যক্ষ কৰে। তাৰ কিছু সময়ৰ পাছতেই তিৰপাল মেৰিয়াই অনা তিনিখন ট্ৰাক আহে।

বাহনসমূহৰ পৰা ই ভি এম মেচিন নমাবলৈ লওঁতেই কংগ্ৰেছ কৰ্মীয়ে বাধা প্ৰদান কৰোতে প্ৰিয়ঙ্কা বণিয়া নামৰ এগৰাকী দণ্ডাধীশে এই ই ভি এমসমূহ অব্যৱহৃত আৰু এই সমূহ মজুত কৰা হ'ব বুলি কয়। ইফালে এই ঘটনাৰ পাছত প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা নিৰ্বাচনী আয়োগক বিজেপিয়ে ই ভি এম টেম্পাৰিঙৰ অভিযোগ দাখিল কৰে। অভিযোগ অনুসৰি কামৰূপ উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপৰ হিম্মৎ সিং কাৰ গোদামত ই ভি এমৰ খালি মেচিন বেআইনীভাবে মজুত ৰাখে।

ইফালে গণতন্ত্ৰ হত্যা কৰি কামৰূপ প্ৰশাসনক ব্যৱহাৰ কৰি বিজেপিয়ে ই ভি এম টেম্পাৰিং কৰাৰ অভিযোগ কৰে জালুকবাৰী কংগ্ৰেছীয়ে। সক্ৰিয় কংগ্ৰেছ কৰ্মী বাপুকন আলীয়ে কয় যে কামৰূপ উপায়ুক্তই পঞ্চায়ত নিৰ্বাচনতো নিৰ্বাচনী বিধি ভঙ্গ কৰি কংগ্ৰেছৰ বিজয়ী প্ৰাৰ্থীক হৰুৱাই বিজেপিৰ প্ৰাৰ্থীক জয়ী কৰিছিল।

উপায়ুক্ত মল কুমাৰ বৈশ্যৰ গৃহ সমষ্টিৰ শুৱালকুছিৰ বাসিন্দা হোৱাৰ পাছতো বদলি নকৰাৰ বাবে দলৰ হৈ কাম কৰিবলৈ সুবিধা পাইছে বুলি অভিযোগ কৰে। উপাযুক্তগৰাকীৰ ভূমিকাই গণতন্ত্ৰৰ বাবে অশনিৰ সংকেত বহন কৰিছে বুলি বাপুকন আলীয়ে গুৰুতৰ অভিযোগ কৰে।

ইফালে ই ভি এম টেম্পাৰিঙৰ অভিযোগ অস্বীকাৰ কৰিছে কামৰূপ উপায়ুক্ত কমল কুমাৰ বৈশ্যই কয় যে তেজপুৰৰ পৰা অব্যৱহৃত ই ভি এমসমূহ আমিনগাঁৱৰ কেন্দ্ৰীয় ভঁৰালত মজুত কৰাৰ হৈছে। ষ্ট্ৰং ৰূমত কোনো ই ভি এম জমা কৰা নাই। ঠাইৰ অভাৱৰ বাবে হিম্মৎ সিং কাৰ গোদামত মজুত ৰখা হৈছিল আৰু ৰাজ্যৰ বাহিৰৰ ভোটগ্ৰহণ ৰাজ্যলৈ প্ৰেৰণ কৰা হ’ব বুলি স্পষ্ট কৰে।

নিৰ্বাচণী বিধি ভঙ্গ কৰি ব্যক্তিগত গোদামত ই ভি এম মেচিন ৰখাৰ গুৰুতৰ অভিযোগ নিৰ্বাচনী আয়োগক কংগ্ৰেছ দলৰ পৰা দাখিল কৰা বুলি কংগ্ৰেছ কৰ্মীয়ে জানিবলৈ দিছে। আজি তেজপুৰৰ পৰা অনা ই ভি এমসমূহ উপায়ুক্ত কাৰ্যালয়ৰ গাতে থকা চুপাৰী গোদামত মজুত কৰা বুলি উপায়ুক্ত কমল কুমাৰ বৈশ্যই জানিবলৈ দি কয় যে সকলো নিৰ্বাচনী আয়োগৰ নিৰ্দেশতে হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।