বেজেৰা মণ্ডল মহিলা মৰ্চাৰ উদ্যোগত গামোচাৰে নিৰ্মিত মাস্ক বিনামূলীয়াকৈ বিতৰণ

 04/28/2020 - 14:48

উত্তৰ গুৱাহাটী: উত্তৰ গুৱাহাটী, চাংসাৰি, বাইহাটা চাৰিআলি, গৌৰীপুৰতো বিজেপিৰ বেজেৰা মণ্ডল মহিলা মৰ্চাৰ উদ্যোগত গামোচাৰে নিৰ্মিত মাস্ক বিনামূলীয়া কৈ বিতৰণ কৰা হৈছে। ক'ৰণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ লগতে মাস্ক পৰিধান কৰাটো নিতান্তই প্ৰয়োজনীয় বুলি সমগ্ৰ বিশ্বতে বিবেচিত হোৱাৰ সময়তে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ নিৰ্দেশ মৰ্মে ক'ৰণাৰ ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে আজি গামোছাৰে নিৰ্মিত মাস্ক জালুকবাৰী সমষ্টিৰ অন্তৰ্গত বেজেৰা মণ্ডলৰ অন্তৰ্গত অঞ্চল সমূহত বিতৰণ কৰা হয়।

এই অঞ্চলটোৰ বিশিষ্ট সমাজ সেৱিকা তথা ভাঃ জঃ পাৰ্টিৰ বেজেৰা মণ্ডল মহিলা মৰ্চাৰ সাঃ সম্পাদিকা মুন দাসৰ নেতৃত্বত আৰু ৭৪ নং বুথৰ মহিলা মৰ্চাৰ বুথ বাহিনীৰ সদস্যা ক্ৰমে হীৰা দেৱী, অৰ্পনা নাথ, তৰুলতা মেধি, দিপ্তি নাথে বিতৰণ কাৰ্যত সহযোগিতা আগবঢ়া। বিতৰণ কাৰ্যসূচীৰ অংশ হিচাপে প্ৰথমে উত্তৰ গুৱাহাটী আৰক্ষী চকীৰ বিষয়া অশোক সিনহা, বিজেপিৰ জ্যেষ্ঠ কৰ্মী মদন ডেকা, গৌৰীপুৰ, চাংসাৰি, বেজেৰা, ভেটামুখ, উত্তৰ গুৱাহাটী আৰু বাইহাটা চাৰিআলিৰ পুৰুষ-মহিলাৰ মাজত এই মাস্ক বিতৰণ কৰা হয়।

এতিয়া দলৰ প্ৰতিজন সদস্যৰ লক্ষ্য অঞ্চলসমূহত ক'ৰণাৰ সংক্ৰমণ ৰোধ কৰিবলৈ সজাগতা সৃষ্টি কৰা। আগন্তুক সময়ছোৱাত ন ন অঞ্চলত মাস্কৰ বিনামূলীয়া বিতৰণ চলাই যোৱাৰো সংকল্প লৈছে সংগঠনটোৱে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।