মোডী-শ্বাহৰ বিৰুদ্ধে অভিযোগ তুলি উচ্চতম ন্যায়ালয়ৰ কাষত সুস্মিতা

 04/30/2019 - 13:18

ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ে আজি গ্ৰহণ কৰিব শিলচৰৰ কংগ্ৰেছ সাংসদ সুস্মিতা দেৱৰ আৱেদনৰ শুনানি।

লক্ষ্যণীয় ভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল শিলচৰৰ কংগ্ৰেছ সাংসদগৰাকীয়ে।

কিন্তু সাংসদগৰাকীৰ অভিযোগক গুৰুত্ব প্ৰদান নকৰিলে নিৰ্বাচন আয়োগে। যাৰ বাবে সাংসদ সুস্মিতা কাষ চাপিছে উচ্চতম ন্যায়ালয়ৰ।

আজি মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিচাৰপীঠে গ্ৰহণ কৰিব শুনানি।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।