ডিব্ৰুগড়ত লক‌ডাউন উলংঘা

 04/28/2020 - 18:31

ডিব্ৰুগড়: বিশ্বত মহামাৰী ৰূপ ধাৰণ কৰা নভেল ক'ৰণা ভাইৰাছৰ বিৰুদ্ধে দেশজুৰি যুঁজ অব্যাহত আছে। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ৩ মে’লৈ দ্বিতীয় পৰ্যায়ৰ লকডাউন বৃদ্ধি কৰিছে। দেশবাসীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সামাজিক ব্যৱধান অটুত ৰাখি ক'ৰণাৰ বিৰুদ্ধে চলা যুঁজখনত দেশৰ প্ৰতিগৰাকী নাগৰিকক অংশীদাৰ হ’বলৈ আহ্বান জনাইছে।

আনহাতে লক‌ডাউনৰ আইন উলংঘা কৰাসকলৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী আৰু প্ৰশাসন। আইন উলংঘাকাৰীক দিয়া হৈছে চৰম শাস্তি। তাৰ পিছতো একাংশ লোকে শিক্ষা পোৱা নাই। ক'ৰণাৰ শৃংখল ভঙাৰ বাবে ঘোষণা কৰা লক‌ডাউনক অৰ্থহীন কৰিছে একাংশই। ইয়াৰ মাজতে আজি ডিব্ৰুগড়ত লক‌ডাউন উলংঘা কৰি ওলাই আহিছে একাংশ পুৰুষ-মহিলা।

টেঙাখাতৰ এটা বিত্তীয় প্ৰতিষ্ঠানৰ সন্মুখত পুৱা প্ৰায় ১০ বজাত দেখা গ’ল গ্ৰাহকৰ লানি-নিছিগা ভিৰ। অনুৰূপ দৃশ্য দেখা গ’ল ডিকমতো। আজি পুৱাৰ ভাগত লক্‌ডাউন উলংঘা কৰি ওলাই আহিল একাধিক পুৰুষ-মহিলা। সামাজিক দূৰত্ব বজাই ৰখাৰ বাবে চৰকাৰে জনোৱা আহ্বানক নস্যাৎ কৰি গাত গা লগাই বেংকৰ গ্ৰাহকসকলে ৰৈ আছে ডিকমৰ দুটাকৈ বিত্তীয় প্ৰতিষ্ঠানৰ সন্মুখত।

ডিকম চেন্ট্ৰেল বেংক আৰু গ্ৰামীন বিকাশ বেংকৰ সন্মুখত আজি পুৱা ৮ বজাত দেখা গ’ল গ্ৰাহকৰ ভিৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.