কামৰূপ জিলা আন্তঃ ক্লাৱ উশ্বু চেম্পিয়নশ্বিপত ৭টা পদকৰে উজ্বলিল নৰ্থ গুৱাহাটী মাৰ্চেল আৰ্ট ক্লাৱ

 04/30/2019 - 13:47

গুৱাহাটীঃ সদ্য সমাপ্ত কামৰূপ জিলা আন্তঃক্লাৱ উশ্বু চেম্পিয়নশ্বিপত ৭টা পদকৰে উত্তৰ গুৱাহাটী মাৰ্চেল আৰ্ট ক্লাৱে বৃহৎ সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়।

১৬তম ছাৱ জুনিয়ৰ,১৬ জুনিয়ৰ আৰু ২২ ছিনিয়ৰ কামৰূপ জিলা(মে'ট্ৰ)উশ্বু প্ৰতিযোগিতা ডিটিআৰপি ইণ্ডৰ ষ্টেডিয়ামত আৰ জি বৰুৱা স্পৰ্টছ কমপ্লেক্স গুৱাহাটীত ২৭, ২৮ এপ্ৰিলত অনুষ্ঠিত হৈ যায়।

প্ৰশিক্ষক গণেশ শীল আৰু মেনেজাৰ অমৰেন্দ্ৰ শৰ্মা, মিলন মেধিৰ নেতৃত্বত যোৱা দলটোৱে সুন্দৰ খেল প্ৰদৰ্শনৰে বিভিন্ন শাখাত পদক অৰ্জন কৰে।

পদক বিজয়ী খেলুৱৈসকল হৈছে সোণ ছিনিয়ৰ ৬৫ কেজি শাখাত জিন্টু স্বৰ্গীয়াৰী, সোণ জুনিয়ৰ ৭০ কেজি শাখাত উদ্ধৱ দাস, ৰূপ জুনিয়ৰ ৫২ কেজি শাখাত সমৰ দাস, জুনিয়ৰ ৬৫ শাখাত হিমাংশু কাকতী, ৰূপ ছাৱ জুনিয়ৰ ৪২ কেজি শাখাত বিকি দাস,ৰূপ ছাৱ জুনিয়ৰ ৪৫ কেজি শাখাত আয়ুশ নেৱাৰ, ব্ৰঞ্জ ছিনিয়ৰ ৫২ কেজি শাখাত জয়ন্ত বড়ো৷

খেলুৱৈসকলৰ সাফল্যত নৰ্থ গুৱাহাটী মাৰ্চেল আৰ্ট ক্লাৱৰ সভাপতি ধীৰেন বড়োৰ লগতে ক্লাৱৰ সমূহ কাৰ্য্যকৰ্তাই খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰিছে বুলি জানিবলৈ দিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।