04/30/2019 - 14:01
in
লখিমপুৰঃ উলহ মালহেৰে উদযাপন হৈছে ৬১ সংখ্যক লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন৷ সোমবাৰৰ পৰা লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত চাৰি দিনিয়াকৈ ৬১ সংখ্যক লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন আয়োজন হয়।
সোমবাৰে পুৱা পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰি এই বিহু সন্মিলনৰ প্ৰথম দিনাই লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা লখিমপুৰ চহৰৰ মাজেৰে উলিওৱা এক বিশাল বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়৷
বিভিন্ন জাতি জনগোষ্ঠীৰ পৰম্পৰা বিহু দল সমূহে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে আৰু লগতে অসমৰ কৃষ্টি সংস্কৃতিৰ শৈলীৰ নিদৰ্শনো দাঙি ধৰা হয়৷