টকা নহয় চাউলৰ এটিএম: ভিয়েটনামত লকডাউনৰ সময়ত আজৱ দৃশ্য

 04/29/2020 - 14:30

উৎপল কুমাৰ কলিতা: আচলতে ATM নহয় ATR অৰ্থাৎ অলটাইম ৰাইছ। এই দৃশ্য ভিয়েটনামৰ। সমগ্ৰ বিশ্বই এতিয়া অচিন ঘাটকৰ বিৰুদ্ধে যুঁজ দিছে। যুঁজ দিছে ভিয়েটনামেও।এদিন আমেৰিকান বোমাকো নেওচি সাম্ৰাজ্যবাদী আমেৰিকাক পৰাজিত কৰিছিল এমুঠিমান ভিয়েটনামী গেৰিলা যোদ্ধায়। আৰু আজি আমেৰিকা ক'ৰণা যুঁজত পৰাস্ত জয়ী হ'ল মহাবিপ্লৱী হো চি মিনৰ ভিয়েটনাম।

চীনৰ দাঁতিকাষৰীয়া দেশখনত ক'ৰণাত আক্ৰান্ত সংখ্যা তিনিশতকৈ কম, মৃত্যু শূন্য। আকৌ প্ৰমা হ'ল আজেয়, দুৰ্জেয় ভিয়েটনাম। ভিয়েটনামে চীনত ক'ৰণা আৰম্ভৰ পৰাই আৰম্ভ কৰিছিল ক'ৰণা বিৰোধী যুঁজ। দেশখনত এজনো ক'ৰণা আক্ৰান্ত নোহোৱাকৈয়ে আৰম্ভ কৰিছিল লকডাউন সকলো নাগৰিকৰ হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা। কিন্তু লক্ষ্য ৰখা হৈছিল সাধাৰণ ৰাইজে যাতে খাদ্য পাবলৈ অসুবিধা নাপায়।

 

তাৰে ফলশ্ৰুতি এই চাউলৰ এটিএম। এজন ব্যৱসায়ীৰ চিন্তাৰে এল ভিয়েটনামী যুবকে আৰম্ভ কৰিছিল এই চাউলৰ এটিএম। দেশখনৰ লকডাউন সফল কৰাত কৰ্মহীন মানুহবোৰে যাতে নিয়মিত বিনামূলীয়া চাউল পাব পাৰে তাৰবাবে দেশৰ বিভিন্ন প্ৰান্তত স্হাপন কৰা হ'ল চাউলৰ এটিএম। এই এটিএমবোৰত চৰকাৰৰ লগতে ব্যৱসায়ী, ধনী ব্যক্তি, চাকৰিয়াল, দাতাসকলে চাউল ভৰাই থৈ যায় আৰু তাৰ পৰা দুখীয়া আৰু কৰ্মহীন হৈ পৰা সকলে চাউল উলিয়াই নিয়ে।

২৪ ঘন্টাই খোলা থকা এই চাউলৰ এটিএমত এবাৰত এটা পৰিয়ালে তিনি কিলোগ্ৰাম চাউল উলিয়াব পাৰে আৰু সকলো সময়তে চাউলৰ এটিএমবোৰ খোলা থাকে। ইয়াৰ পৰা চাৰিফুট দূৰত্বত থাকি অভাবী লোকসকলে চাউল উলিয়া। ভিয়েটনামৰ এই ব্যৱস্থা সম্প্ৰতি বিশ্বৰ চৰ্চাৰ বিষয় হৈ পৰিছে। ভিয়েটনামৰ দৰে উন্নয়নশীল দেশ এখনে আজি ক'ৰণা আৰু ভোক দুয়োখন যুঁজতে সহজ জয় লাভ কৰিছে শৃংখলিত শাসন ব্যৱস্থা আৰু কল্যাণকামী চৰকাৰৰ বাবে।

বিশ্বৰ ডাঙৰ ধনী ৰাষ্ট্ৰবোৰত ভোকাতুৰৰ হাহাকাৰৰ বিপৰীতে ভোক সমস্যা হৈ উঠা নাই ভিয়েটনামত। সৌ সিদিনা মাত্ৰ স্বাধীনতা লাভ কৰা দেশখনে যিদিনা আমেৰিকাক পৰাজিত কৰিছিল তেতিয়া চিহ্নিত হৈছিল দুৰ্জেয় হিচাপে।

আজি আমেৰিকাই হাৰ মনা ক'ৰণা আৰু আকাল দুয়োটাকে জয় কৰি ভিয়েটনাম আকৌ এবাৰ চিহ্নিত হৈছে আজেয়, দুৰ্জেয় হিচাপে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।