উত্তৰ গুৱাহাটীৰ ১৭ খন গাঁ‍ৱৰ বাৰশ পৰিয়ালক বেংক অৱ ইণ্ডিয়াৰ সাহায্য বিতৰণ

 04/29/2020 - 16:47

উত্তৰ গুৱাহাটী: দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক'ৰণা ভাইৰাচ সংক্ৰমন ৰোধৰ বাবে ৪০ দিনীয়া লকডাউনৰ সময়ত সমাজৰ আৰ্থিকভাবে দুৰ্বল পৰিয়াল সকলৰ মাজত চৰকাৰে সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনোৱাৰ সময়তৰ দেশৰ আগশাৰীৰ বেংকিং প্ৰতিষ্ঠান বেংক অৱ ইণ্ডিয়া, গুৱাহাটী জ'নৰ আঞ্চলিক শাখা প্ৰৱন্ধক অমিতাফ বেনাৰ্জীৰ তত্বাৱধানত বেংক অৱ ইণ্ডিয়াৰ অভয়পুৰ শাখা আৰু আমিনগাঁ‍ও শাখাৰ সহযোগত আজি বৃহত্তৰ উত্তৰ গুৱাহাটী অঞ্চলৰ বাৰশ পৰিয়ালক চাউল, দালি, আলু, পিয়াজ মিঠাতেলকে ধৰি কিছু অত্যাৱশীয় খাদ্য সামগ্ৰী বিতৰণ কৰে।

আজি পুৱাৰে পৰা বেংক অৱ ইণ্ডিয়াৰ অভয়পুৰ শাখাৰ শাখা প্ৰৱন্ধক দিপক খাইদেম, বেংক অৱ ইণ্ডিয়াৰ আমিনগাঁ‍ৱৰ শাখা প্ৰৱন্ধক ভি ফানাই খাদ্য সামগ্ৰী সমূহ গাড়ীত লৈ উত্তৰ গুৱাহাটীৰ অভয়পুৰ, শিলসাকো, বৰলাবাৰী, ৰংমহল, ৰজাদুৱাৰ ৰুদ্ৰেশ্বৰ, ৰহধলা, ভেটামুখ গৌৰিপুৰকে ধৰি ১৭ খন গাঁ‍ৱত গৈ গাঁ‍ওবুঢ়াৰ জৰিয়তে সামাজিক দুৰত্ব বজাই ৰাখি সামগ্ৰী সমূহ বিতৰণ কৰে।

তাৰোপৰি উত্তৰ গুৱাহাটীস্থিত শিশুৰ আশ্ৰয় গৃহ শিশুগ্ৰামতো বেংকসমূহ বিষয়ববীয়া উপস্থিত হৈ খাদ্য সামগ্ৰী বিতৰণ কৰে। উল্লেখ্য যে খাদ্য সামগ্ৰী বিতৰণ অনুষ্ঠানত বেংক অৱ ইণ্ডিয়া অভয়পুৰ শাখাৰ গাণনিক ৰবিন গোস্বামী, বিষয়া স্মৃতা বৰ্মন, কৰ্মচাৰী ৰমেন বৈশ্য আৰু মিন্টু বৰা প্ৰমুেখ্যে কেইবাগৰাকী বিষয়াববীয়াই অংশগ্ৰহণ কৰে বুলি জানিব পৰা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।