প্ৰায়সকল বিশেষজ্ঞৰ শংকা: লকডাউনৰ পাছত ভয়াবহ হ'ব কভিড ১৯ৰ সংক্ৰমণ

 04/29/2020 - 17:15

উৎপল কুমাৰ কলিতা: অধিক ভয়াবহ হ'ব নেকি ভাৰতত কভিড নাইটিন সংক্ৰমণ। বিভিন্ন দৃষ্টিকোণৰ পৰা এই আশংকা প্ৰকট কৰিছে ভাৰতীয় চিকিৎসা বিশেষজ্ঞই। আনকি শংকিত চিকিৎসা মন্ত্ৰালয়ো। ভাৰতীয় আয়ুৰ্বিজ্ঞান গৱেষণা প্ৰতিষ্ঠান চমুকৈ ICMRৰ মুখ্য বিজ্ঞানী ৰমন গংগডখেৰে প্ৰকাশ কৰা মতে ভাৰতত ৬৯ শতাংশ কভিড নাইটিন আক্ৰান্তৰ দেহত জৰ, ছৰ্দি, কাহ, ডায়েৰীয়া সদৃশ লক্ষণ দেখা পোৱা নাই।

আনহাতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ যুটীয়া সচিব লব আগৰৱালাৰই প্ৰকা কৰা মতে ৮০ শতাংশৰ কোনো লক্ষণ পোৱা নাই। আনহাতে বহু ৰোগীৰ গাত ২৮ৰ পৰা ৩৫ দিন পাছতো পোৱা গৈছে কভিড নাইটিন পজিটিভ। এনে পৰিবেশত এনে অজ্ঞাত লক্ষণৰ লোকে কভিড নাইটিন বিয়পাই দিয়া সম্ভাৱনা প্ৰকট। এনে অৱস্হাত ইণ্ডিয়ান ভাইৰজিকেল চ'চাইটিৰ মুখ্য সচিব যশপাল সিং মালিকে প্ৰকাশ কৰা মতে লকডাউন ভাঙিলে বা প্ৰত্যাহাৰ কৰিলে পৰিবেশ ভয়াবহ হ'ব।

আনকি পৰিবেশ এনে হৈছে মানুহে ঘৰৰ ভিতৰতো মাস্ক পিন্ধিব লাগিব। তেওঁ নমুনা পৰীক্ষাত ভাৰতৰ নিম্ন হাৰেও ভয়াবহতা আনিব বুলি কয়।

উল্লেখযোগ্য ভাৰতত ১৩৫ কোটি জনতাৰ পৰীক্ষা হৈছে মাত্ৰ ৫.৫ লাখ লোকৰ। পৰীক্ষাৰ হাৰ নিচেই কম। এনে ক্ষেত্ৰত ভাৰতত লকডাউন প্ৰত্যাহাৰ বা শিথিল হলেই পৰিবেশ নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বিশেষজ্ঞ সকলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।