শ্ৰীশ্ৰী নমাটি সত্ৰৰ পুতৌলগা অৱস্থাঃ কাণসাৰ নাই ৰাজ্য চৰকাৰ অথবা পুৰাতত্ত্ব বিভাগৰ

 04/30/2019 - 15:34

আমগুৰিঃ ৰাজ্য চৰকাৰৰ সত্ৰ উন্নয়নৰ নামত চৰম প্ৰতাৰণা। সততে উন্নয়নৰ শ্ল’গান দি থকা ৰাজ্য চৰকাৰৰ শাসনকালত আমগুৰিৰ অন্তৰ্গত নামতিৰ শ্ৰীশ্ৰী নমাটি সত্ৰৰ দুৰৱস্থাই ৰাইজক শংকিত কৰি তুলিছে।

১৮১৭ চনতে দিহিং নমাটিৰ পৰা উঠি অহা সিদ্ধিৰাম দেৱে প্ৰতিষ্ঠা কৰা সত্ৰখনিৰ বৰ্তমানৰ অৱস্থা পুতৌজনক। এখনি টিঙৰ চালিতে সত্ৰৰ ভকতসকলে পুৱা-গধূলি নাম গুণ গায়। এজাক বতাহতে টিং উৰুৱাই নি সত্ৰৰ কাম কাজত ব্যাঘাত জন্মোৱা শ্ৰীশ্ৰী নমাটি সত্ৰৰ উন্নয়নত গুৰুত্ব নাই সংশ্লিষ্ট বিভাগৰ।

বৃহত্তৰ নামতি অঞ্চলৰ একমাত্ৰ পৌৰাণিক সত্ৰখনি নিৰ্মাণ কৰিবলৈ ৰজাঘৰৰ দৃষ্টিগোচৰ কৰিছে সত্ৰৰ ভকতসকলে। সত্ৰখনিৰ সংৰক্ষণ অথবা নিৰ্মাণ নকৰিলে সময়ৰ বুকুত এদিন হেৰাই যাব। এইক্ষেত্ৰত সংশ্লিষ্ট বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰিব সেইয়া সময়তহে লক্ষণীয় হ’ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।