দেশত ক'ৰণাত আক্ৰান্তৰ মৃত্যুৰ সমানে ২২৮ শ্ৰমিকৰ মৃত্যু

 04/29/2020 - 18:45

উৎপল কুমাৰ কলিতা: ২৩ মাৰ্চৰ পৰা ক'ৰণা মহামাৰী প্ৰতিৰোধ কৰাৰ বাবে দেশজোৰা লকডাউন ঘোষণা কৰা হ'ল। তাৰ পাছতে লাগিল হাহাকাৰ। লাখ লাখ শ্ৰমিকে কামৰ লগত হেৰুৱালে অন্ন, বাসস্থান। গাঁৱৰ পৰা চহৰত গৈ কৰ্মৰত, ইখন ৰাজ্যৰ পৰা গৈ সিখন ৰাজ্যত কৰ্মৰত শ্ৰমিকসকলে ভোকে পিঁয়াহে ঢাপলি মেলিলে শ শ কিলোমিটাৰ খোজ কাঢ়ি নিজ ৰাজ্য বা গাঁৱলৈ। কিন্তু আজিও বহুতে পোৱা নাই গাঁও।

ইয়াৰ মাজতে আহিছে এক কৰু তথ্য। ইতিমধ্যে দেশত ক'ৰণা কালত অসহায় হৈ পৰা প্ৰব্ৰজিত শ্ৰমিকৰ ২২৮ জনে মৃত্যুক আকোঁৱালি লব লগা হ'ল। ষ্টেণ্ডাৰ্ড ৱৰ্কাৰ্চ একচন নেটৱৰ্ক নামৰ এক সংস্হাই এক প্ৰতিবেদনত এই তথ্য দাঙি ধৰি কয় যে এই মৃত ২২৮ জন শ্ৰমিকৰ ভিতৰত কোনোজনে যদি শ শ কিলোমিটাৰ খোজ কাঢ়ি মৃত্যু মুখত পৰিছে আন কোনোৱে ভোকত মৰিছে।

কোনেয়ে সাধাৰ বেমাৰত মৰাৰ লগতে কোনোৱে আত্মহত্যা কৰিছে। কোনোবাৰ মৃত্যু হয় দুৰ্ঘটনাত কোনোবাৰ ভোকতে অখাদ্য খা। তাৎপৰ্যপূৰ্ণ কথাটো হ'ল ৯ এপ্ৰিললৈ দেশত কভিড নাইটিনত আক্ৰান্ত হৈ ১৬৯ জন ৰোগীৰ মৃত্যু ঘটাৰ বিপৰীতে ১৮৯ জন প্ৰব্ৰজিত শ্ৰমিকে প্ৰাণ হেৰুৱাই। প্ৰতিবেদন অনুসাৰে এই শ্ৰমিক সকলৰ ৭৯ শতাংশই দৈনিক হাজিৰা কৰা শ্ৰমিক।

ইয়াৰে ৯৬ শতাংশই চৰকাৰী ৰেন নোপোৱাৰ লগতে ৭০ শতাংশই ৰন্ধা খাদ্য পোৱা নাই। ৯৮ শতাংশ শ্ৰমিকে চৰকাৰে ঘোষণা কৰা নগদ ধন নোপোৱাৰ বিপৰীতে ৮৯ শতাংশই পোৱা নাই নিয়োগকৰ্তাৰ পৰা এটা টকাও। ক'ৰণা কালত প্ৰকট হৈ পৰা দেশৰ মান সম্পদৰ এনে দুৰ্দশাই আজি যেন উদঙাই দিছে দেশৰ পৰিৱৰ্তনৰ বাস্তৱ।

অথচ দেশৰ প্ৰধানমন্ত্ৰীৰ ঘোষণা দেশৰ অৰ্থনৈতিক অৱস্হা সুস্হিৰ আৰু যদি প্ৰধানমন্ত্ৰীৰ কথাই সঁচা তেনেহলে কিয় এতিয়ালৈ শ্ৰমিকসকলক সকাহ দিব পৰা ব্যৱস্থা কৰা হোৱা নাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।