আমেৰিকান সংস্থাৰ বিপদজনক তালিকাত ভাৰত: সংখ্যালঘু, দলিতৰ জীৱন বিপন্ন ভাৰতত

 04/30/2020 - 14:10

উৎপল কুমাৰ কলিতাক'ৰণা সংকটৰ সময়তে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতক সংখ্যালঘু নিৰ্যাতিত দেশৰ তালিকাত ভাৰতক সন্নিবিষ্ট কৰিলে আমেৰিকান সংস্হাই। আমেৰিকাৰ বিদেশ বিভাগৰ অধীনৰ ধৰ্মীয় স্বাধীনতা বিষয়ক কমিচন USCIRFএ এক প্ৰতিবেদনত ভাৰতক ধৰ্মীয় স্বাধীনতাৰ ক্ষেত্ৰত বিশেষ চিন্তাজনক দেশৰ তালিকাত ৰাখিছে। বিশেষকৈ নাগৰিকত্ব সংশোধনী আইন, বৰ্ধিত সাম্প্ৰদায়িক সংঘৰ্ষ, গো হত্যাৰ নামত নিৰ্যাতন, গো সুৰক্ষা দল গঠন কৰি বিনা কাৰত অত্যাচাৰ, এনআৰচি, এনচিআৰ, দলিত আৰু সংখ্যালঘুৰ ওপৰত অত্যাচাৰ আদি কাৰত ভৰতক এই তালিকাত স্হান দিয়া হৈছে। গুজৰাটৰ গোধৰা কাণ্ডৰ পাছত দ্বিতীয়বাৰৰ বাবে ভাৰতক ধৰ্মীয় স্বাধীনতাহীন দেশৰ তালিকাত ৰখা হৈছে।

প্ৰতিবেদনত আনকি ধৰ্মীয় স্বাধীনতা বিনষ্ট কৰাত ভাৰত চৰকাৰ ৰু শাসনত থকা বিজেপি দলে মুখ্য ভূমিকা সেৱা বুলিকৈ এনে ব্যক্তি সংগঠনক নিষিদ্ধ কৰাৰ লগতে সংশ্লিষ্ট ব্যক্তিৰ ভিছা বাতিলৰো পৰামৰ্শ দিয়া হৈছে।

এই প্ৰতিবেদনৰ তথ্য ভুল বুলি ইতিমধ্যে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে বিবৃতিযোগে প্ৰকাশ কৰিছে যদিও তাৎপৰ্যপূৰ্ণ ভাবে প্ৰতিবেদন প্ৰকাশৰ পাছতে আমেৰিকাৰ বৈদেশীক মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু পিএমও টুইটাৰ একাউন্ট দুটা আনফল' কৰাত ৰহস্যৰ সৃষ্টি হৈছে।

এতিয়া প্ৰশ্ন হৈছে সচাকৈ নিষিদ্ধ হ'ব নেকি আমেৰিকাৰ বাবে ভাৰতৰ কেতবোৰ দল সংগঠন ব্যক্তি। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।