নগাঁৱত ড্ৰাগছ মাফিয়া আটক

 04/30/2020 - 14:27

ধিংঅৱশেষত জালত পৰিল বটদ্ৰৱাৰ কুখ্যাত ড্ৰাগছ মাফিয়া চিৰাজুল হক। ড্ৰাগছ মাফিয়া চিৰাজুলৰ বিৰুদ্ধে নিশা চলিছিল ধিং আৰু নগাঁও ৰক্ষীৰ অভিযান। ধিঙৰ ধূপগুৰীৰ পৰা এটা পিষ্টল আৰু দুটা সজীৱ গুলীসহ অৱশেষত কুখ্যাত ড্ৰাগচ মাফিয়া চিৰাজুলক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ধৃত ড্ৰাগছ মাফিয়া চিৰাজুল হকৰ ঘৰ বটদ্ৰৱাৰ কদমনিত। 

বিগত সময়ছোৱাত নগাঁও জিলাৰ পশ্চিমাঞ্চলত ড্ৰাগচৰ সাম্ৰাজ্য গঢ়ি তুলিছিল এইটো ড্ৰাগছ মাফিয়া চিৰাজুলে। তাৰ পাছতেই চিৰাজুলক বিচাৰি অধিক তৎপৰ হৈ পৰিছিল ধিং আৰু নগাঁও আৰক্ষী। 

ধৃত ড্ৰাগছ মাফিয়া চিৰাজুলক ইতিমধ্যে মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.