বৰপেটাঃ বৰপেটা জিলা উকিল সন্থাৰ তৰফৰপৰা ৰাতিপুৱা ১০ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ বিদেশী ন্যায়াধীকৰণ বৰ্জনৰ কাৰ্যসূচী গ্ৰহণ কৰে।
বিদেশী ন্যায়াধীকৰণে নিজৰ খেয়াল খুচিমতে গোচৰ নিস্পতি কৰি অহাৰ ফলত বৰপেটা জিলা উকিল সন্থাই এই কাৰ্যসূচী লবলৈ বাধ্য হয়। যোৱা ১৮/৪/২০১৯ ইং তাৰিখত সন্থাৰ সাধাৰণ সভাৰ প্ৰস্তাৱ মৰ্মে গুৱাহাটী উচ্চ ন্যায়ালত এক স্মাৰক পত্ৰ প্ৰদান কৰে।
স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ পিছতো গুৱাহাটী উচ্চ ন্যায়ালয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুণ্ণ হৈ বৰপেটা জিলা উকিল সন্থাই বিদেশী ন্যায়াধীকৰণ বৰ্জন কৰাৰ নিচিনা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। সন্থাৰ সম্পাদক আব্দুল মান্নানে জনোৱা মতে বিদেশী ন্যায়াধীকৰণৰ গোচৰৰ ক্ষেত্ৰত বিদেশী ন্যায়াধীকৰণে নিজ ইচ্ছামত গোচৰ সমুহ নিস্পত্তি কৰে বুলি গুৰুত্বপূৰ্ণ মত ব্যক্ত কৰে।
ইয়াৰ ফলত সাধাৰণ ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হয় বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। এই ক্ষেত্ৰত বৰপেটা জিলা দ্বিতীয় বিদেশী ন্যায়াধীকৰণৰ সদস্য শ্ৰী বন্দনা ভূঞাৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত তেখেতে সাংবাদিকক এৰাই চলে আৰু কোনো ধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত থাকে।