সীমান্তত পুনৰ যুদ্ধবিৰতি উলংঘা পাকিস্তানৰ

 02/27/2019 - 16:19

ডিজিটেল ডেস্কঃ সীমান্তত পুনৰ যুদ্ধবিৰতি উলংঘা কৰি আজি পুৱতি নিশা পাকিস্তানে নাছেৰা আৰু আখমীৰ চেক্টৰত আক্ৰমণ চলায়। কৃষ্ণাঘাটতো পাক সেনাই গুলীবৰ্ষন কৰে। মঙলবাৰে ভাৰতৰ চাৰ্জিকেল ষ্ট্ৰাইকৰ পোতক তুলিবলৈ পাক সেনাই চলাই এই আক্ৰমণ।

যোৱা ১৪ ফেব্ৰুৱাৰী পুলৱামা আক্ৰমণৰ উচিত প্ৰত্যুত্তৰ দিবলৈ ভাৰতীয় বায়ু সেনাই মীৰাজ ২০০০ ৰ ১২ খন যুদ্ধ বিমানেৰে পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ চলায়। মাত্ৰ ২১ মিনিটতে নষ্ট হৈ পৰে পাকিস্তানী সন্তাসবাদীৰ ঘাটি। বায়ুসেনা প্ৰধান বি.এচ.ধানুৱাই প্ৰস্তুত কৰিছিল এই পৰিকল্পনা। আক্ৰমণৰ সময়ত ৱাৰ ৰূমত বহি প্ৰধানমন্ত্ৰীয়ে প্ৰত্যক্ষ কৰি আছিল সমগ্ৰ আক্ৰমণৰ দৃশ্য। আজি পাকসেনাৰ এই আক্ৰমণৰ পিছত ভাৰতীয় সেনাই কি পদক্ষেপ লয় সেয়া হ'ব লক্ষণীয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.