04/30/2019 - 18:02
in
হাটশিঙিমাৰীঃ দক্ষিণ শালমাৰাৰ এখন চৰকাৰী বিদ্যালয়ৰ জীয়া ছবিয়ে আপোনাৰ চকু কপালত তুলিব। কিমান দূৰ সুৰক্ষিত আমাৰ নতুন প্ৰজন্মৰ কন কন শিশু তথা ছাত্ৰ-ছাত্ৰী।
১৯৮৫ চনত স্থাপিত হোৱা বৰ্তমান ১০৯ জন ছাত্ৰ-ছাত্ৰী থকা দঃশালমাৰাৰ পাটাকাটা খাৰাপাৰা এলপি স্কুলত নাই পৰ্যাপ্ত পৰিমাণৰ কোঠা তথা ডেস্ক-বেঞ্চ।
ফলত বাহিৰতে মাটিত বহি পঢ়া-শুনা কৰি জীয়াতু ভুগিবলগীয়া হৈছে স্কুলখনৰ কন কন শিশু তথা ছাত্ৰ-ছাত্ৰী সকলে।
স্কুলখনৰ প্ৰয়োজনীয় সামগ্ৰী আৰু বিল্ডিং নিৰ্মাণৰ বাবে চৰকাৰক দাবী জনায় স্কুলখনৰ টেট শিক্ষক আৰু প্ৰধান শিক্ষকগৰাকীয়ে।