ওদালগুৰিত জব কাৰ্ডৰ নামত বৃহৎ কেলেংকাৰী

 04/30/2020 - 19:13

ভেৰগাঁও: ইতিমধ্যে দেশত দ্বিতীয় পৰ্যায়ৰ লকডাউন চলি আছে। এই লকডাউনৰ ফলত এমুঠি অন্নৰ অভাৱত তথা আৰ্তজনৰ কাষত বিভিন্ন সময়ত বিভিন্ন জনক দেখা পোৱা গল। কিন্তু এনে সময়তে ওদালগুৰি জিলাৰ শিৱপুৰ অঞ্চলত দ্ৰৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা ৰাইজৰ মাজত লাগিছে হাহাকাৰ। লকডাউনৰ মাজতে প্ৰতিবাদমুখী হ'বলগীয়া হৈছে এই অঞ্চলৰ ৰাইজৰ।

কিছুমানৰ যদি জৱ কাৰ্ডত নাম সলনি কৰা হৈছে আন কিছুমানৰ জৱকাৰ্ডৰ নামত ভুৱা একাউণ্ট খোলা হৈছে। এনেকৈ ওদালগুৰি জিলাৰ ৰৌতা উন্নয়ন খণ্ডৰ অন্তৰ্গত শিৱপুৰ ভি চি ডি চিৰ মেধিপাৰা গাঁৱত জব কাৰ্ডৰ নামত চলাইছে বৃহৎ কেলেংকাৰী। মেধিপাৰা গাঁৱৰ ৱাৰ্ড সদস্য ছুৰুজ আলীৰ লগতে আন কেইবাজনো ব্যক্তিয়ে জৱ কাৰ্ড জালিয়াতি কৰি টকা উঠাই লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে হিতাধীকাৰীয়ে।

উল্লেখযোগ্য যে জৱকাৰ্ডৰ হিতাধীকাৰীৰ অজ্ঞাৰ্থে হিতাধীকাৰীৰ নামত বেলেগ বেলেগ বেংকত একাউণ্টৰ খোৱা এইসকল দাদাল ৰূপী ঠিকাদাৰৰ ওপৰত চৰকাৰে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে লক্ষণীয় হব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।