মহামায়া ধামত সাত বিষমা মেলাৰ উখল মাখল পৰিৱেশ

 04/30/2019 - 19:27

শ্ৰীৰামপুৰঃ ঐতিহাসিক বগৰীবাৰীৰ মহামায়া ধামত এতিয়া উদুলি মুদুলি পৰিৱেশ।

প্ৰতি বছৰৰ দৰে এই বেলিও যোৱা ২৪ এপ্ৰিলৰ পৰা ৫ মে লৈ নামনি অসমৰ বিটিএডিৰ কোকৰাঝাৰ জিলাৰ বগৰীবাৰী আৰক্ষী থানা এলেকাৰ পৱিত্ৰ পীঠস্থান মা মহামায়া ধাম মন্দিৰ প্ৰাঙ্গণত মহা মেলা ১২ দিনিয়া কাৰ্য্যসূচীৰে আৰম্ভ হোৱা মহা মেলাখন সাত বিষমা হিচাপে জনাজাত।

মেলাখনত যাতে কোনো ধৰণৰ কূটাঘাত নহয় তাৰ বাবে মহকুমা আৰক্ষী প্ৰশাসনে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে।

হিন্দু,মুছলিম,জৈন,খ্ৰীষ্টান,চাওতাল,গাৰো,বড়ো আদি বিভিন্ন ধৰ্মাৱলম্বীৰ লোকেৰে ভৰি পৰা ঐতিহাসিক সাত বিষমা মেলাখন ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ নিদৰ্শন হিচাপে চিহ্নিত হৈ আহিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।