দিল্লীত ক'ৰণাত আক্ৰান্ত বাক্সাৰ চিআৰপিএফ জোৱান অংকুৰ নাথ

 05/01/2020 - 15:19

খাৰিজা বিজনী: চিআৰপিএফৰ ৩১ নং বেটেলিয়নৰ কনিষ্টবল অসমৰ অংকুৰ নাথ দিল্লীত ক'ৰণাত আক্ৰান্ত৷ বাক্সাৰ গোৱৰ্ধনা থানাৰ অন্তৰ্গত জেংৰেংপাৰা গাঁৰ অংকুৰ নাথ নামৰ চিআৰপিএফৰ ৩১ নং বেটেলিয়নৰ কনিষ্টবলজন ক'ৰণাত আক্ৰান্ত হোৱাৰ খবৰে পৰিয়ালটোক উদ্বিগ্ন কৰি তুলিছে৷

যোৱা ২৪ এপ্ৰিলত অংকুৰ নাথ ক'ৰণাত আক্ৰান্ত হোৱা বুলি নিজেই পৰিয়ালৰ লোকক ফোনযোগে জানিবলৈ দিয়ে৷ বাক্সাৰ জেংৰেংপাৰা গাঁৱৰ ৰঞ্জিত নাথৰ পুত্ৰ অংকুৰ নাথ দুবছৰ পূৰ্বে চিআৰপিএফৰ ৩১ নং বেটেলিয়নত কনিষ্টবল হিচাবে যোগদান কৰিছিল৷ দিল্লীত কৰ্তব্যৰত অৱস্থাতে অংকুৰ নাথ কৰ’নাত আক্ৰান্ত হয়৷

ইতিমধ্যে ৩১ নং বেটেলিয়নৰ আন কেবাজনো বিষয়া জোৱানৰ সৈতে অংকুৰ নাথকো কোৱাৰেন্টাইনত ৰখা হৈছে৷ অংকুৰ নাথৰ আছে পত্নীসহ দুই ফুলকুমলীয়া সন্তান৷ অংকুৰ নাথৰ পত্নীয়ে বিচাৰিছে তেওঁৰ স্বামী সুস্বাস্থ্যৰে ঘৰলৈ উভতি আহক৷

স্বামীৰ চিকিৎসাৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈও চৰকাৰলৈ অনুৰোধ জনাইছে তেওঁ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।