কৰ্ণাটকৰ মহিষুৰৰপৰা অসম চৰকাৰলৈ সহায়ৰ আহ্বান অসমীয়া মহিলাৰ

 05/01/2020 - 15:29

কামপুৰ: এমাহতকৈ অধিক কাল কৰ্ণাটকৰ মহিষুৰৰ হেৰিটেজ গলিত আৱদ্ধ হৈ থকা এগৰাকী অসমীয়া মহিলাৰ অসম চৰকাৰলৈ কাতৰ আহ্বান। আমাক সহায় কৰক। মোৰ সাতমহীয়া কন্যা সন্তানটিয়ে বিগত এসপ্তাহে জলপান খাব পোৱা নাই।

উল্লেখ্য যে বহিঃৰাজ্যত বৰ্তমানেও আৱদ্ধ বহু পৰিয়াল। পাঁচমাহ পূৰ্বে কৰ্মসূত্ৰে কৰ্ণাটকত গৈ লকডাউনৰ বাবে আৱদ্ধ হৈ পৰে তেজপুৰৰ মনো দাসৰ পৰিয়ালটোৰ লগতে অসমৰ বহুকেইটা পৰিয়াল। এটা ব্যক্তিগত বটল কোম্পানীত কৰ্মৰত আছিল পৰিয়ালটো। লকডাউনৰ কোম্পানীৰ কাম বন্ধ হৈ পৰাত দীৰ্ঘদিন ধৰি আৱদ্ধ হৈ থাকিবলগীয়া হৈছে পৰিয়াল কেইটা। যাৰ ফলত ঘৰৰ ভাড়াৰ লগতে খাদ্যৰ সংকটত পৰিছে পত্নীসহ দুই সন্তানৰ পৰিয়ালটো। 

এসপ্তাহ পূৰ্বে চৰকাৰী ৱেব চাইড আৰু হেল্পলাইন নম্বৰত যোগাযোগ কৰিও কোনো সহাঁৰি নাপালে পৰিয়ালটোৱে। সেয়ে অসম চৰকাৰক সহায়ৰ বাবে অনুৰোধ জনাইছে অসহায় পৰিয়ালটোৱে।কোনো লোকে মহিলা গৰাকীৰ লগতে পৰিয়ালটোৰ লগত যোগাযোগ কৰিব বিচাৰিলে 9019176522 নম্বৰত যোগাযোগ কৰিব পাৰে।
 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।