মস্তফা আলীলৈ ঐক্যতান বঁটা

 04/30/2019 - 20:14

গুৱাহাটীঃ কামৰূপ জিলাৰ হাজো দেহৰকুৰিহা নিবাসী, যুৱ কবি মস্তফা আলীলৈ সদৌ অসম সাহিত্য সন্মিলনে আগবঢ়াইছে ঐক্যতান ছ'চিয়েল মিডিয়াৰ জনপ্ৰিয় কবি বঁটা।

স্কুলীয়া জীৱনৰ পৰা কবিতা লিখা মস্তফা আলীৰ 'সেউজীয়াৰ বাটে বাটে' আৰু 'প্ৰেমৰ নিলাজ আবেলি' নামৰ দুখন কাব্যগ্ৰন্থ প্ৰকাশ পাইছে। ছ'চিয়েল মিডিয়া বিশেষকৈ ফেচবুকত কাব্যচৰ্চা কৰি অহা মস্তফাৰ কবিতা বিভিন্ন কাকত-আলোচনীত প্ৰকাশ পাই আহিছে।

অহা ২৬ মে'ত নলবাৰী নাট্য মন্দিৰত সংগঠনটোৱে এই বঁটা প্ৰদান কৰিব। উদ্যমী যুৱ ব্যৱসায়ী, কবি মস্তফা আলীৰ এই সাফল্যত হাজো দেহৰকুৰিহাৰ সাহিত্যানুৰাগী ৰাইজে অভিনন্দন জ্ঞাপন কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।