বন্দী অখিল গগৈৰ পুত্ৰ নাচিকেতাই চকুলো টুকি টুকি আকিলে পিতৃৰ ছবি

 05/01/2020 - 19:05

উৎপল কুমাৰ কলিতা: এটি শিশু। শিশুটিৰ পিতৃক মাহৰ পাছত মাহ ভুৱা গোচৰ জাপি দি বন্দী কৰি ৰাখিছে চৰকাৰে আৰু শিশুটোৱে পিতৃলৈ মনত পেলাই চকুলো টুকি টুকি পিতৃৰ ছবি। বিগত চাৰি মাহ পাৰ হৈ গ'ল, জেলত বন্দী ৰুগ্ন পিতৃ। পিতৃক লগ পোৱা নাই কনমানি নাচিকেতাই। পোৱা নাই মৰম, সান্নিধ্য। আৰু সেয়ে ৰং তুলিকাৰে পিতৃক বিচাৰিছে অখিল গগৈৰ পুত্ৰ নাচিকেতাই। পিতৃৰ অনুভবে তাক বৰকৈ আমনি কৰিছে। ১২ ডিচেম্বৰৰ পৰা নেদেখা পিতৃৰ হাঁহি থকা মুখখন চকুলো টুকি টুকি আকি গৈছে নাচিকেতাই। কিমান দুৰ্বিসহ হব পাৰে এই দৃশ্য। এই ফটোখন ছ'চিয়েল মিডিয়াত আপলোড কৰি অখিল গগৈৰ পত্নী ডক্তৰ গীতাশ্ৰী তামুলিয়ে লিখিছে- অনুপস্থিত উপস্হিতি। ৰামে সোণৰ সীতা সজাইছিল প্ৰয়োজনত। আমাৰ লৰাই কিবা অব্যক্ত দুখ অনুভবত নেকি নাজানো। এইখন সম্পূৰ্ণ কৰিবলৈ লাগি আছে।

উল্লেখযোগ্য অখিল গগৈ কাৰাৰুদ্ধ হৈ থকাৰ পৰা ভয়, শংকা, অস্বস্তিৰ মাজত পাৰ কৰিব লগা হৈছে পত্নী ডক্তৰ গীতাশ্ৰী তামুলী আৰু সন্তান নাচিকেতাই। ১২ ডিচেম্বৰৰ পৰা স্কুললৈ যোৱা নাই নাচিকেতাই। সমনীয়াৰ লগো লগা নাই, ওলোৱা নাই ঘৰৰ পৰা। কেবল দেউতাক কেতিয়া উভতি আহিব সকলোকে সুধিছে আৰু আমন জিমনকৈ ঘৰত বহি কেবল দেউতাকৰ ফটো চাইছে, আকিছে।

এতিয়া প্ৰশ্ন হল এবাৰ উপলব্ধি কৰিবনে কনমানি নাচিকেতাৰ হৃদয়ৰ মৰ্মবেদনা সৰ্বানন্দ সোনোৱালে, হিমন্ত বিশ্ব শৰ্মাই। যি সময়ত ক'ৰণাৰ বাবে সাধাৰ চোৰ, ডকাইত সকলোকে মুক্ত কৰি দিছে তেনে সময়ত বিচাৰাধীন ৰুগ্ন বন্দী অখিল গগৈক কিয় মুকলি কৰি নিদিয়ে। মানবতাৰে উপলব্ধি কৰিব নে এবাৰ চৰকাৰে?

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।