অসমত প্ৰথম মে' দিৱস পালন কৰা ধুবুৰী জুইশলা উদ্যোগ এতিয়া ইতিহাস

 05/01/2020 - 19:19

উৎপল কুমাৰ কলিতা: মেহনতী শ্ৰমিকৰ দিন মে' দিৱস। বিশ্বৰ প্ৰান্তে প্ৰান্তে ১ মে'ৰ দিনটো শ্ৰমিকসকলে নিজৰ অধিকাৰৰ দাবীৰে পালন কৰি আহিছে মে' দিৱস। অসমত প্ৰথম সংগঠিত শ্ৰমিকে একত্ৰিত হৈ ৰঙা পতাকা উৰুৱাইছিল ১৯৩৫ চনত। প্ৰথম মে' দিৱস পালন কৰা হৈছিল অসমতে। ভাৰতৰ অন্যতম বৃহৎ এয়া ধুবুৰী উইমকো জুইশলা উদ্যোগ।ইংৰাজ আমোলতে স্হাপন হৈছিল এই উদ্যোগ আৰু ১৯৩৫ চনত ৰাজ্যৰ বিভিন্ন স্হানৰ শ্ৰমিক সকলে একত্ৰিত হৈ ইয়াতে পাতিছিল ৰাজ্যৰ প্ৰথম শ্ৰমিক দিৱস, উৰুৱাইছিল ইনক্লাব জিন্দাবাদ ধ্বনিৰে শ্ৰমিক ঐক্যৰ প্ৰতীক ৰঙা পতাকা।

পিচে সেয়া এতিয়া অতীত। আজি এই উদ্যোগে ৰূপ লৈছে মৰিশালীৰ। এটা সময় আছিল অসমৰ ঘৰে ঘৰে চিনাকি সম্পদবিধে আছিল উইমকো কোম্পানীৰ দিয়চলাই। চিনাকী আছিল সকলোৰে এই দিয়চলা, উইমকো নামটো। ১৯৯৭ চনত অসম চৰকাৰৰ বনবিভাগে উদ্যোগটোলৈ বনজ সম্পদ অৰ্থাৎ কাঠ ব্যৱহাৰ বাৰ কৰাত বন্ধ হৈ পৰে উদ্যোগটো।

নিৱনুৱা হৈ পৰে ইয়াৰ শ্ৰমিক কৰ্চাৰী আৰু আজি মে' দিৱসৰ দিনটোৰ ছৱি এয়া। চৰকাৰ আহিছে গৈছে। ৰাজনৈতিক দলৰ বহু ইস্তাহাৰ ওলাল। সকলোৱে প্ৰতিশ্ৰতি দিয়ে ধুবুৰীৰ উইমকো দিয়া চলাই কাৰখানা পুনৰ মুকলি কৰাৰ। কিন্তু প্ৰতিশ্ৰতি হৈ থাকিল কাৰখানাটো পুনৰ কাৰ্যক্ষম কৰাৰ। কিন্তু বাস্তৱত সেয়া নহ'ল। অসমৰ প্ৰথম শ্ৰমিক দিৱস উদযাপন থলী আজি শ্ৰমিক দিৱসত নিমাওমাও। হয়টো চৰকাৰী অবহেলাত এদিন মাটিৰ লগত মিলি যাব অসমৰ এক গৌৰবজ্বল ইতিহাস।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।