ৰঙিয়াঃ আছাম পাব্লিক ওৱাৰ্কচ নামৰ সংগঠনটোৰ সভাপতি অভিজিৎ শৰ্মাই মন্ত্ৰী ভৱেশ কলিতা চাকৰিৰ নামত ধন লোৱা বুলি কৰা অভিযোগৰ পিচতে মন্ত্ৰী গৰাকীয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অভিজিৎ শৰ্মাক প্ৰত্যাহ্বান জনাইছিল।
ইয়াৰ পিচতে আজি ৰঙিয়াত সচেতন নাগৰিক সমাজে সংগঠনটোৰ সভাপতি অভিজিৎ শৰ্মাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
ৰঙিয়া নাগৰিক সমাজৰ প্ৰায় শতাধিক সদস্যই হাতে হাতে প্লে'কাৰ্ড লৈ অভিজিৎ শৰ্মাৰ বিৰোদ্ধে নানা ধৰণে শ্ল’গান দি আছাম পাব্লিক ওৱাৰ্কচৰ সভাপতি গৰাকীৰ পুত্তলিকা দাহ কৰে।
ৰঙিয়াৰ ঐতিহাসিক হৰদত্ত বীৰদত্ত ভৱনৰ সন্মুখত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্য্যসূচীত উপস্থিত থকা প্ৰতিবাদকাৰী ভৱেশ ডেকাই কয় যে ৰঙিয়া সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ ৰাজহ আৰু জলসিঞ্চন মন্ত্ৰী গৰাকীৰ বিৰুদ্ধে আছাম পাব্লিক ওৱাৰ্কচ নামৰ সংগঠনটোৰ সভাপতি অভিজিৎ শৰ্মাই যি ধৰণৰ অভিযোগ আনিছে ইয়াৰ কোনো সত্যতা নাই।
নিকা ভাব সম্পন্ন দায়িত্বশীল মন্ত্ৰীৰ এজনৰ বিৰুদ্ধে অভিজিৎ শৰ্মাই কোনো প্ৰমান নোহোৱাকৈ এনেদৰে মিছা অভিযোগ আনিছে। মন্ত্ৰী কলিতাই ৰাজহুৱাকৈ প্ৰমান দিবলৈ আহ্বান জনোৱাৰ পিচটো কিয় অভিজিৎ শৰ্মাই মনে মনে বহি আছে বুলিও ৰঙিয়াৰ সচেতন নাগৰিক সমাজৰ নেতা গৰাকীয়ে প্ৰশ্ন কৰে। ইফালে আজিৰ প্ৰতিবাদী কাৰ্যসূচীত নাগৰিক সমাজৰ সুৱল পাল,বিদ্যুৎ ডেকা,সীমা বৈশ্য, অঞ্জুমা বেগম আদি সদস্যসকল উপস্থিত থাকে।