ভাৰতত কিমান সফল হোম কোৱাৰেণ্টাইন: ৮৭ কোটি পৰিয়ালৰ নাই হোম কোৱাৰেণ্টাইনৰ সুবিধা

 05/02/2020 - 17:45

উৎপল কুমাৰ কলিতাক'ৰণা মহামাৰী সম্প্ৰসাৰণ হোৱাৰ পাছত এটা শব্দ বহুল ব্যৱহাৰ হৈছে হোম কোৱাৰেণ্টাইন বা হোম আইচলেচন। অৰ্থাৎ এজন ব্যক্তি নিজৰ ঘৰত পৃথকে থকা। বিভিন্ন কাৰক'ৰণাৰ সংক্ৰম প্ৰতিৰোধ কৰাৰ বাবে ভাৰতত কৰা হৈছে অগনন লোকক হোম কোৱাৰেণ্টাইন। কিন্তু কিমান সফল হোম কোৱাৰেণ্টাইন বা হোম আইচলেচন।

২০১১ চনৰ লোকপিয়লৰ তথ্য মতে ভাৰতত মুঠ গৃহৰ সংখ্যা ২৪ কোটি আৰু মুঠ পৰিয়ালৰ সংখ্যা ২৪ কোটি ৭২ লাখৰ অধিক। অৰ্থাৎ কেইবালাখ ভাৰতীয় মানুহ গৃহহীন। ভাৰতত প্ৰতি গৃহৰ  বিপৰীতে আছে ৪.৮৫ জন ব্যক্তি। ৪কোটি লোকৰ নাই ভাৰতত গৃহ। ৪৬ কোটি পৰিয়ালৰ মাত্ৰ এটা কোঠা থকা ঘৰ থকাৰ লগতে দুটা কোঠা থকা পৰিয়ালৰ সংখ্যা হ'ল ৩৮ কোটি। অৰ্থাৎ ৮৭ কোটিৰ অধিক পৰিয়ালৰ কোনো ব্যক্তিক নিজ গৃহত পৃথকে থকাৰ নিৰ্দেশ দিলেও অৰ্থাৎ হোম কোৱাৰেণ্টাইন কৰিলেও নিজৰ পৰিয়ালৰ পৰা পৃথক হৈ থকাৰ সক্ষমতা নাই।

দেশৰ মাত্ৰ ১৫.৩ শতাংশ লোকৰ অৰ্থাৎ ৪ কোটি লোকৰহে আছে পৰিয়ালৰ সদস্য অনুপাতে পৃথক কোঠা। অৰ্থাৎ বিশ্বৰ বহু উন্নত দেশে হোম কোৱাৰেণ্টাইন ব্যৱস্থা প্ৰয়োগ কৰি সফল হ'লেও ভাৰতত কিমান সফল হ'ব সন্দেহৰ আৱৰ্তত। বহু হোম কোৱাৰেণ্টাইন কৰা লোকেই পৰিয়ালৰ লগত একেলগে থাকিব লগা হৈছে। অসমতো প্ৰায় ৬০ শতাংশ পৰিয়ালৰ এটা বা দুটা কোঠাহে আছে যত পৰিয়ালৰ বাকী সদস্যৰ পৰা হোম কোৱাৰেণ্টাইন কৰা লোক পৃথকে থকা সম্ভৱ নহয়। ইয়াৰ মাজতে অসমলৈ যদি বহিঃৰাজ্যত থকা তিনিলাখ মানুহো আহিব লাগে ভয়ংকৰ সমস্যা হৈ পৰিব।

কাৰ চৰকাৰী কোৱাৰেণ্টাইনত অসমত থাকিব পৰা ব্যৱস্থা আছে মাত্ৰ ৮ হাজাৰ মানহে। এনে অৱস্হাত হোম কোৱাৰেণ্টাইন কৰাৰ বিকল্প নাই। কিন্তু ৬০ শতাংশ পৰিয়ালত নাই হোম কোৱাৰেণ্টাইন কৰিব পৰা সুবিধা। এনে অৱস্হাত আহি পৰিছে এক ব্যপক সমস্যা। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।