উত্তৰ গুৱাহাটীত আটক ধুবুৰীৰ পাঁচ মাছমৰীয়া

 05/02/2020 - 18:31

উত্তৰ গুৱাহাটীউত্তৰ গুৱাহাটীত আটক ধুবুৰীৰ পাঁচ মাছমৰীয়া। লকডাউন উলংঘাৰে হাত নাৱেৰে জাই আহি উত্তৰ গুৱাহাটী আনন্দ নগৰত বাহৰ পাতিছিল পাঁচ মাছমৰীয়াই।চাৰি দিনৰ অন্তত উত্তৰ গুৱাহাটীত উপস্থিত হৈ লুইতত মাছ মাৰিছিল পাঁচ মাছমৰীয়াই।

অৰেঞ্জ জ'ন ধুবুৰীৰ পৰা অহা মাছমৰীয়াকলৈ আতঙ্কিত ৰজাদুৱাৰবাসী ঘটনাৰ খবৰ পাই দণ্ডাধীশ আৰু উত্তৰ গুৱাহাটী আৰক্ষী উপস্থিত হৈ পাঁচ মাছমৰীয়াক লৈ আৰম্ভ কৰিছে তদন্ত।

চিকিৎসক দলক খবৰ দিয়াৰ পিছতো উপস্থিত হোৱা নাই চিকিৎসকৰ দল। যাদব হালদাৰ আৰু জগত ভৰালী নামৰ মহলদাৰে মইমতালিৰে, লকডাউন নামানি, বৰলুইতত মাছ মৰাৰ বাবে আনিছিল পাঁচ মাছমৰীয়াক। কিন্তু স্থানীয় লোকৰ সন্দেহ খবৰ দিয়া হৈছিল আৰক্ষীক।

উল্লেখ্য যে কিছুদিন পুৰ্বে লকডাউন নমনা যাদব হালদাৰৰ মাছমৰীয়াৰ নাও ধুমুহাত বুৰ গৈছিল। আৰক্ষীয়ে সতৰ্ক কৰি দিছিল মহলদাৰ হালদাৰক। কিন্ত আৰক্ষী প্ৰশাসনক অংগুস্থ প্ৰদৰ্শনেৰে যাদব হালদাৰে পুনৰ মাৰিলে মাছ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।