মৰিগাঁৱত সাংবাদিক নিগ্ৰহৰ প্ৰতিবাদী সভা

 05/01/2019 - 13:52

হাবিবৰঙাবাৰীঃ মৰিগাঁও সদৰ বিহুতলীত শেহতীয়াকৈ অসমৰ বিভিন্ন প্ৰান্তত সংঘটিত হোৱা ৪ জনকৈ সাংবাদিকক নিগ্ৰহৰ প্ৰতিবাদত জিলাখনৰ বিভিন্ন অগ্ৰণী জাতীয় সংগঠনৰ নেতৃবৃন্দৰ উপস্থিতিত মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ উদ্যোগত এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয়। সাংবাদিক সুৰক্ষা আইন প্ৰণয়ণ কৰক, সংবাদকৰ্মী সকলৰ নিৰাপত্তা সুনিশ্চিত কৰক,ৰাজনৈতিক ষড়যন্ত্ৰ, স্বাৰ্থান্বেষী সকলৰ হাতত সততে সাংবাদিক নিগ্ৰহ কাৰ্য চৰকাৰে প্ৰতিহত কৰক আদি ধ্বনিৰে তেওঁলোকে প্ৰতিবাদ কৰে।

অসমত কমলা শইকীয়াকে উল্লেখ কৰি বৰ্তমানলৈ ৩৪ জনকৈ সাংবাদিক নিহত হোৱাৰ লগতে শেহতীয়াকৈ যোৱা সপ্তাহটোত ৪ জনকৈ সাংবাদিক, ফটো সাংবাদিক শাৰীৰিক নিৰ্যাতনৰ বলি হোৱাতো সমাজৰ বৌদ্ধিক মহলৰ প্ৰতিয়েই চিন্তাৰ বিষয় বুলি মন্তব্য কৰি চৰকাৰী কৰ্তৃপক্ষই সাংবাদিক হত্যাৰ সৈতে জড়িত জঘন্য বৰ্বৰ নৰপিশাচক চিনি উলিয়াই কৰায়ত্ব কৰাৰ নজিৰ দেখুওৱাৰ সৎসাহস নাই কিয় বুলিও প্ৰতিবাদী সভাত বিশিষ্ট সাংবাদিক, অগ্ৰণী সমাজকৰ্মী, ছাত্ৰ নেতা সকলে প্ৰশ্ন কৰি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত সাংবাদিক নিগ্ৰহৰ ঘটনাত জড়িত সকলক কঠোৰ ভাষাৰে সকিয়াই দিয়ে বক্তা সকলে।

এই নাৰকীয় ঘটনাৰ যেন পুনৰাবৃত্তি নহয় তাৰ প্ৰতি চৰকাৰ প্ৰশাসনক ব্যৱস্থা লবলৈ আহ্বান জনাই মৰিগাঁও জিলা সাংবাদিক সংস্থাই আহ্বান কৰা প্ৰতিবাদী সভাত উপস্থিত বিভিন্ন সংগঠনৰ নেতা,প্ৰতিনিধি সকলে। সভাত সভাপতিত্ব কৰে জিলা সাংবাদিক সংস্থাৰ সভাপতি প্ৰতাপ হাজৰিকাই।ভাষণ আগবঢ়াই ক্ৰমে-হৰেন্দ্ৰ বৰা, বুবুমণি গোস্বামী, মিলন ডেকা, বিমল বৰকাকতি, ডালিম ফুকন, ললিত পাচনি, বিৰিঞ্চি শৰ্মা, দিলীপ দাস, মিলেশ্বৰ পাতৰ, হিমাংশু মহন্ত, জাকিৰ হুছেইন, ৰাকেশ বৰদলৈ প্ৰমুখ্যে বিভিন্ন সামাজিক জাতীয় সংগঠনৰ নেতৃবৃন্দই। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক জিতুমণি নাথে।প্ৰস্তাৱ পাঠ কৰে সংস্থাৰ উপ সভাপতি জাকিৰ হুছেইনে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।