কভিড-19 আক্ৰান্তৰ পৰিসংখ্যাত ভাৰতৰ স্হান পঞ্চদশ: এফালে লক্ষণবিহীন আক্ৰান্ত, আনফালে লক্ষণ নেদেখালৈ কৰা নহয় পৰীক্ষা

 05/04/2020 - 14:27

উৎপল কুমাৰ কলিতা:  আজিৰ পৰা ভাৰতত আৰম্ভ হ'ল তৃতীয় পৰ্যায়ৰ লকডাউন। ৭০ শতাংশ লকডাউন শিথিল কৰি দিয়া হ'ল ভাৰতত। প্ৰায়বোৰ স্হানত ঘুৰি আহিল স্বাভাবিক জীৱনযাত্ৰা। কিন্তু ইয়াৰ মাজতে পোহৰলৈ আহিছে কেতবোৰ ভয়ংকৰ তথ্য। ৰবিবাৰৰ দিনটোত ভাৰতত কভিড নাইটিন পজিটিভ সৰ্বাধিক আক্ৰান্ত ধৰা পৰে। ভাৰতত বাতৰি লিখা পৰলৈ আক্ৰান্ত চাৰে বিয়াল্লিছ হাজাৰ পাৰ হৈছে। ক'ৰণা আক্ৰান্ত পৰিসংখ্যাত ভাৰত আগুৱাইছে পোন্ধৰলৈ।

আনহাতে ধৰা পৰা ৭০ শতাংশতকৈ বেছি হ'ল লক্ষণবিহীন। এনে অৱস্হাত ভাৰতত এতিয়াও লক্ষণ দেখা পালে বা আক্ৰান্তৰ প্ৰত্যক্ষ সম্পৰ্কৰ ভিত্তিতে ক'ৰণা পৰীক্ষা নীতি চলি আছে। পৰ্যাপ্ত পৰীক্ষা কীটৰ অভাৱৰ বাবে ভাৰতৰ পৰীক্ষাৰ পৰিমাণ আক্ৰান্ত দেশসমূহৰ ভিতৰতে নিম্ন।

ভাৰততকৈ পৰীক্ষাৰ হাৰত আগবাঢ়ি আছে বাংলাদেশ,পাকিস্তান। প্ৰতি দহ লাখ জনসংখ্যাৰ ভিতৰত ভাৰতত মাত্ৰ ৭৫৮ জনকহে পৰীক্ষা কৰা হৈছে তাৰ বিপৰীতে ইয়াৰ সংখ্যা পাকিস্তানত ৯১৯। বাকী ১৪ খন দেশৰ পৰীক্ষাৰ অনুপাত দহ লাখৰ ভিতৰত ১০ হাজাৰৰ ওপৰত।

ভাৰতত পৰীক্ষাৰ মাত্ৰা কম হোৱা বাবেই যে এতিয়াও বহু পজিটিভ ঘটনা পোহৰলৈ অহা নাই বুলি বিশেষজ্ঞ মহলে ধাৰণা কৰিছে। যিমানে পৰীক্ষা বাঢ়িব সিমানে ৰোগীও বাঢ়িব। বহু বিশেষজ্ঞৰ মতে ভাৰত বৰ্তমান ক'ৰণাৰ এক জ্বালামুখী হৈ আছে আৰু অধিক পৰীক্ষাৰ পাছত গম পোৱা যাব বিস্ফোৰণৰ ৰূপ।

নিশ্চিতভাবে লকডাউন শিথিলৰ বাবে সমগ্ৰ দেশত যি স্বাভাৱিক পৰিবেশ আহিছে সেয়া হৈ পৰিছে এক অগ্নিপৰীক্ষা। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।