গুৱাহাটী পাৰঘাটৰ পৰা নাইকিয়া হ’ল ৰ'ৰ' জাহাজঃ শৰাইঘাটৰ যানজঁটৰ বাবে জাহাজত যাত্ৰীৰ ভিৰ

 05/01/2019 - 14:09

গুৱাহাটীঃ শৰাইঘাট দলঙৰ মেৰামতিৰ পৰিপ্ৰেক্ষিতত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহৎ যানজঁট। দীঘলীয়া যানজঁটৰ পৰা সকাহ পোৱাৰ উদ্দেশ্য উত্তৰ পৰীয়া সকলো লোক এতিয়া জাহাজেৰে পাৰ হ’বলৈ আহি অসুবিধাৰ সন্মুখীন হৈ আহিছে।

কিয়নো সীমিত ফেৰীৰে খেপৰ বাবে পাৰঘাটতে দীঘলীয়া সময় অপেক্ষা কৰিব লগীয়া হৈছে যাত্ৰীসকলে। সৰ্বোপৰি জল পৰিবহন বিভাগে যাত্ৰীৰ অসুবিধা দূৰ কৰাৰ উদ্দেশ্যে দুখন আৰু পি এল জাহাজৰ লগতে ব্যয়বহুল অত্যাধুনিক সুবিধা উপলব্ধ তথা বৃহৎ ৰ'ৰ' জাহাজ গুৱাহাটী পাৰ ঘাটলৈ আনিছিল। কিন্তু নিৰ্বাচনৰ পূৰ্বে বৃহৎ সভা পাতি ৰ' ৰ' জাহাজ উন্মোচনৰ দুদিন পাছতে পাৰঘাটৰ পৰা নাইকিয়া হোৱাত জলযাত্ৰীৰ মাজত ক্ষোভৰ উদগীৰণ হৈছে।

কিয়নো বাৰিষা আগমণৰ লগে লগে জলযাত্ৰীৰ মনত নামি আহে আতংক। বাৰিষা বিভিন্ন সময়ত ব্ৰহ্মপুত্ৰৰ বুকুত পুৰণি কলীয়া ৰুগ্ন জাহাজেৰে যাত্ৰী অনিশ্চিত বিপদৰ ফালে গতি কৰে। বিগত ২০১৮বৰ্ষৰ পাঁচ চেপ্তেম্বৰৰ ভটভটী দুৰ্ঘটনাৰ পাছৰে পৰা পুৰণি জাহাজেৰে যাতায়ত কৰিবলৈ শংকাবোধ কৰে যাত্ৰীয়ে। ৰ

' ৰ’ জাহাজৰ সেৱাৰে উত্তৰ পৰীয়া ৰাইজৰ দীৰ্ঘদিনীয়া অসুবিধা দূৰ কৰিবলৈ লোৱা প্ৰচেষ্টাক ৰাইজে আদৰণি জনাইছিল যদিও সময়ত সেয়া জীয়া ফাঁকি বুলি সকলোৱে উপলব্ধি কৰিছে। ৰ' ৰ' জাহাজ দেখুৱাই ভোট আদায়ৰ চেষ্টা কৰা বুলি ৰাইজে আক্ষেপ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।