মাজৰচৰ ফখৰুদ্দিন আলি আহমেদ হাইস্কুলত ছাত্ৰ ছাত্ৰীৰ বৃত্তিৰ নামত বৃহৎ কেলেংকাৰী জালিয়াতিঃ প্ৰতিবাদ, এজাহাৰ দাখিল

 05/07/2020 - 19:20

নগৰবেৰা: বৰপেটা জিলাৰ মাজৰচৰস্থিত ফখৰুদ্দিন আলি আহমেদ হাইস্কুলৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যালঘু বৃত্তিৰ নামত বৃহৎ কেলেংকাৰী, জালিয়াতিৰ ঘটনা এটা পোহৰলৈ অহাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ব্যাপক জালিয়াতি, কেলেংকাৰীৰ তথ্য ফাদিল হোৱাৰ পিছতে আজি বিদ্যালয়ৰ শতাধিক ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক সকলে সামাজিক দূৰত্ব বজাই ৰাখি প্ৰতিবাদ সাব্যস্ত কৰে।

অভিযোগ মতে বিদ্যালয় খনৰ প্ৰধান শিক্ষকৰ জ্ঞাতসাৰেই ছাত্ৰ ছাত্ৰী সকলৰ সংখ্যালঘু ছাত্ৰ বৃত্তিৰ কামৰ দায়িত্ব লয় স্থানীয় দুগৰাকী যুৱকে। উক্ত যুৱকদ্বয়ে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ যাৱতীয় নথি পত্ৰ সংগ্ৰহ কৰি ইউনাইটেড বেংক অৱ ইণ্ডিয়াৰ ধূপধৰা শাখাৰ অধীনস্থ এটা ছি এছ পিত বেংক একাউন্ট কৰে। পৰৱৰ্তী সময়ত উক্ত যুৱকদ্বয়ে ছাত্ৰ ছাত্ৰীৰ নথি পত্ৰ সমুহ ছাত্ৰ বৃত্তিৰ নামত অনলাইন কৰাৰ সময়ত ব্যাপক জালিয়াতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে একাংশ শিক্ষাৰ্থীৰ অভিভাৱকে।

অভিযোগ মতে অনলাইন কৰাৰ সময়ত একাংশ শিক্ষাৰ্থীৰ নাম ঠিকেই ৰাখি পিতৃ নাইবা মাতৃৰ নাম সলনি কৰি সেই গৰাকী ব্যক্তিৰ বেংক একাউন্ট ব্যৱহাৰ কৰে। তাৰোপৰি একাংশ শিক্ষাৰ্থীৰ যাৱতীয় নথি পত্ৰ ঠিকে ঠাকে ৰাখি আন এটা বেংক একাউন্ট ব্যৱহাৰ কৰে। এইদৰে প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীৰ নামত ছাত্ৰ বৃত্তিৰ ধন আত্মসাৎ কৰাৰ অভিযোগত উত্থাপন কৰিছে ছাত্ৰ ছাত্ৰী, অভিভাৱক সকলে।

আনহাতে এই চক্ৰটোৱে ছাত্ৰ ছাত্ৰীৰ বৈধ একাউন্ট আৰু এ টি এম সমুহ নিজৰ কব্জাত ৰখাত সেই ছাত্ৰ ছাত্ৰী সকলে নিজৰ ছাত্ৰ বৃত্তিৰ ধন খিনি উলিয়াবলৈ সক্ষম হোৱা নাই। এই সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰধান শিক্ষক আব্দুৰ ৰছিদ আহমেদক শিক্ষাৰ্থী আৰু অভিভাৱক সকলে একাধিকবাৰ অৱগত কৰোৱাৰ পিছতো ন্যূনতম গুৰুত্ব প্ৰদান নকৰাত এনে জালিয়াতি আৰু কেলেংকাৰীত প্ৰধান শিক্ষক গৰাকীও জৰিত থকাৰ অভিযোগ উত্থাপিত কৰিছে। ঘটনা সন্দৰ্ভত আলোপতি চৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহন নকৰাৰ অভিযোগ তুলিছে অভিভাৱক সকলে।

সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত বিদ্যালয়খনত সংঘটিত জালিয়াতি, কেলেংকাৰীৰ বিৰুদ্ধে আজি বিদ্যালয় চৌহদত শতাধিক ছাত্ৰ ছাত্ৰীয়ে ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে। বিদ্যালয়খনত ছাত্ৰ বৃত্তিৰ নামত সংঘটিত হোৱা দুৰ্নীতি, জালিয়াতিৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে ছাত্ৰ ছাত্ৰীৰ লগতে একাংশ অভিভাৱকে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।