কলগাছিয়াৰ খাৰবাল্লীত বেকী নৈৰ বিধ্বংসী গৰাখহনীয়া: ৰাইজে বাঁহ সংগ্ৰহ কৰি কৰিলে পাৰ্কুপাইনৰ কাম

 05/11/2020 - 17:46

কলগাছিয়া: বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত খাৰবাল্লী গাঁৱত বিগত ত্ৰিশ বছৰ ধৰি একেৰাহে বেকী নদীয়ে গৰাখহনীয়াৰ সৃষ্টি কৰি গাঁওখন নিশ্চিহ্ন কৰিব ধৰিছে যদিও চৰকাৰ তথা জিলা প্ৰসাশনে কোনো ধৰণৰ স্থায়ী প্ৰতিৰোধৰ ব্যাৱস্থা গ্ৰহণ কৰা নাই। ফলত এইদৰে চপৰা চপৰে খহিছে বেকী নৈৰ গৰাখহনীয়া প্ৰতি বছৰে হাজাৰ হাজাৰ বিঘা শস্য শ্যামলা খেতি পথাৰৰ লগতে শ শ লোকৰ ভেটি মাটি উচন কৰি পথৰ ভিক্ষাৰীত পৰিণত কৰি আহিছে ।

সম্প্ৰতি বাৰিষাৰ আগে আগে গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি খাৰবাল্লী, আমগুৰি, সুতিৰপাথাৰ আৰু কলগাছিয়ালৈ তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে। সেয়ে চৰকাৰে কোনো গুৰুত্ব নিদিয়াত উপায়ন্তৰ হৈ খাৰবাল্লী গাঁৱৰ ৰাইজে ঘৰে ঘৰে গৈ বাহ সংগ্ৰহ কৰি এইদৰে হাতে কামে আৰম্ভ কৰিছে গৰাখহনীয়া প্ৰতিৰোধৰ কাম।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।