05/15/2020 - 13:09
in
মাণিকপুৰ: যোৱা বানপানীৰ ফলত মথাউৰী ছিঙি পিয়াৰ আলী, ছামচুল দেওঁয়ানৰ ঘৰৰ সৈতে ভাঙি যোৱাৰ লগতে গৰাখহনীয়াত নৈৰ বুকুত বিলীন হৈ যায় বহু কৃষিভূমি।
বাৰিষাৰ সময়ত স্কুল-কলেজৰ ছাত্ৰ ছাত্ৰীৰ লগতে ৰাইজৰ সম্পূৰ্ণৰূপে যোগাযোগ বিচ্ছিন্ন হয় আনকি পথাৰৰ শস্যসমূহ বালিত পোত যায়। বাংলাপাৰাৰ পৰা নাম্বাৰপাৰালৈ যোৱা একমাত্ৰ সংযোগী মথাউৰীটো প্ৰায় এবছৰ পূৰ্বে সৃজনগ্ৰাম আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু গোলাপাৰা বাংলাপাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী, সচিবৰ নিৰ্দেশত ৰাইজে বাঁহেৰে হেঙাৰ দিছিল যদিও আজিৰ তাৰিখত উক্ত কাম কৰা শ্ৰমিকৰ টকা আদায় পোৱা নাই।
সমাগত বাৰিষাৰ পূৰ্বে গৰাখহনীয়া প্ৰতিৰোধৰ কোনো ব্যৱস্হা গ্ৰহণ নকৰাত প্ৰতিবাদী ৰাইজে ক্ষোভ প্ৰকাশ কৰি চৰকাৰক তাৎক্ষণিকভাৱে গৰাখহনীয়া প্ৰতিৰোধৰ লগত সংযোগী মথাউৰীটো পুনৰ মেৰামতি কৰি দিয়াৰ বাবে অনুৰোধ জনায়।