হোজাই জিলা আমছুৰ উদ্যোগত বানাক্ৰান্ত লোকক খাদ্য সামগ্ৰী বিতৰণ

 05/31/2020 - 17:24

ডবকা: আজি হোজাই জিলা আমছুৰ উদ্যোগত হোজাই জিলাৰ অন্তৰ্গত লংকা লস্কৰ পথাৰ এলেকাধিন বানাক্ৰান্ত লোকক খাদ্য সামগ্ৰী বিতৰণ কৰা হয়। আজিৰ এই কাৰ্যসূচীত উপস্থিত থাকে আমছু কেন্দ্ৰীয় সমিতিৰ সহঃ সাঃ সম্পাদক মিন্নাতুল ইছলাম আৰু ওৱাহিদুৰ, হোজাই জিলা আমছুৰ উপ সভাপতি মুফচ্ছিল আলি, আৰিফ উদ্দিন, সাঃ সম্পাদকদ্বয় কবিৰ আহমেদ লস্কৰ, লুতফুৰ ৰহমান, সহঃ সাঃ সম্পাদক হিলাল উদ্দিন, মুখ্য সাংগঠনিক সম্পাদক ৰাজিব লস্কৰ ডবকা আঞ্চলিক সমিতিৰ সাঃ সম্পাদক ৰিয়াজুল লস্কৰসহ জিলা ও আঞ্চলিক পৰ্য্যায়ৰ অন্যান্য বিষয়ববীয়া সকল।

এফালে কৰ'না আৰু লকডাউন আনফালে ভয়ানকভাৱে ৰাজ্যৰ বিভিন্ন অঞ্চল বানৰ কৱলত। আৰ্থিকভাবে জুৰুলা হোৱাৰ লগতে বিভিন্ন ধৰণৰ সমস্যাৰে জৰ্জৰিত হৈ পৰিছে। লোকসকলে দুৰত্ব বজাই ৰখাৰ কথা পাহৰি এবেলা এমুঠি অন্নৰ বাবে হাবাথুৰি খাইছে, দৃশ্যবোৰ অতি মৰ্মান্তিক। জন প্ৰতিনিধিৰ কোনো খবৰ নাই।

সকলোৱে আৰ্তজনক সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।