বটদ্ৰৱাৰ ধিং পৌৰসভাৰ এলেকাত "জন সম্পর্ক" যাত্রা বিধায়িকা আঙুৰলতা ডেকাৰ

 06/16/2020 - 15:30

 

ধিংঃ মোডী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকাল প্ৰথমটো বৰ্ষপুতি লগতে ৰাজ্য চৰকাৰৰ চতুর্থটো বৰ্ষপুতি উপলক্ষে উলিওৱা "জন সম্পর্ক" যাত্রাৰ অংশ হিচাপে বিধায়িকা আঙুৰলতা ডেকাই আজি ধিং পৌৰ এলেকাৰ ১০ টা পৰিয়ালত গৈ চৰকাৰৰ কাম কাজসমূহক লৈ তেওঁ লোকৰ পৰা মতামত জনাৰ চেষ্টা কৰে। প্ৰায় সংখ্যক পৰিয়ালে চৰকাৰৰ অধিকাংশ কামতে সন্তোষ প্ৰকাশ কৰা বুলি উল্লেখ কৰে।

 

তদুপৰি এই চৰকাৰৰ দিনত হোৱা ৰাস্তা-ঘাট, বগীবিল দলং, ৰামমন্দিৰ নিৰ্মাণৰ ঐতিহাসিক ৰায়দান আদিৰ লগতে জনধন আঁচনিকলৈ তেওঁ লোকৰ পৰা মত জানিবলৈ বিচৰাত তেওঁ লোকে এই আঁচনিয়ে ৰাইজক অৱশ্যেই উপকৃত কৰা বুলি কৈ বিধায়িকাৰ জৰিয়তে চৰকাৰলৈ ও দুই এক পৰামৰ্শ আগবঢ়াই। আনহাতে, চৰকাৰৰ চতুৰ্থ বৰ্ষপুৰ্তি উপলক্ষে এখনি প্ৰচাৰ পত্ৰিকাও বিতৰন কৰে বিধায়িকা গৰাকীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।