ৰহাত কলং নদীৰ ভয়ংকৰ খহনীয়া

 08/08/2020 - 14:33

 

 

ৰহাঃ বানৰ পিচত এইবাৰ ৰহাত কলং নদীৰ ভয়ংকৰ খহনীয়া। ৰহাৰ মোলানকটা-আদৰ্শ গাঁৱত সৃষ্টি হৈছে কলঙৰ এই ভয়ানক খহনীয়া। নিমিষতে খহায় নিলে পথ। বিচ্ছিন্ন হৈ পৰিছে যাতায়াত যোগাযোগ। বানৰ পিচত প্ৰায় সমগ্ৰ অঞ্চলটোতে এতিয়া কলঙৰ খহনীয়াই কালৰূপ ধাৰণ কৰিছে। শুকুৰবাৰে বিয়লি পলকতে খহনীয়াই চিঙি নিলে মোলানকটা-আদৰ্শ গাঁও আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথৰ এছোৱা।

ফলত অঞ্চলটোৰ ৰাইজৰ যাতায়াত যোগাযোগ সম্পূৰ্ণ বিচ্ছিন্ন হৈ পৰিছে। বিদ্যুৎ বিভাগৰ ট্ৰেন্সফৰমাৰো খহনীয়াৰ কৱলত পৰাৰ আশংকা কৰা হৈছে। স্থানীয় মহিলাসকলে কলঙৰ পাৰত চাকি বন্তি জ্বলাই খহনীয়া ৰোধৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে। কিন্তু বিভাগীয়ভাৱে কেৱল জেং পেলাই খহনীয়া ৰোধৰ চেষ্টা কৰা দেখা গৈছে। এই খহনীয়া ৰোধৰ স্থায়ী ব্যৱস্থা নল'লে অচিৰেই বৃহত্তৰ অঞ্চলটোলৈ খহনীয়াই চৰম দুৰ্যোগ নমাই আনিব। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।