দেশী-বিদেশী পুঁজিপতিৰ স্বাৰ্থত প্ৰণয়ন কৰা কৃষক বিৰোধী আইনসমূহ প্ৰত্যাহাৰৰ দাবীত ৰঙিয়াত অৱস্থান ধৰ্মঘট

 09/25/2020 - 16:36

 

ৰঙিয়াঃ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা কৃষক বিৰোধী আইন প্ৰত্যাহাৰ কৰাৰ দাবীত ৰঙিয়াত অসম ৰিজ্যিক কৃষক সভাই এক অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰে। আজি দিনৰ ১১ বজাত কৃষক সভাৰ লগতে ৰঙিয়া চিপিআইএমৰ কৰ্মকৰ্তা সকলে ৰঙিয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰি কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে।

প্ৰতিবাদকাৰী সকলে কৃষক বিৰোধী আইন বাতিল কৰক, বিজেপি চৰকাৰৰ একনায়কত্বা নচলিব, চাউল, পিয়াজ, আলু, অত্যাৱশ্যকীয় সামগ্ৰীত অন্তভুক্ত কৰক, ৰাজহ সংগ্ৰহৰ উদ্দেশ্যৰে সকলো ব্যৱস্থা ব্যক্তিগত কৰণ নচলিব। আদি ধ্বনিৰে প্ৰতিবাদকাৰীসকলে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।