হোজাই জিলাৰ নখুটিৰ এজন যুৱকে চিকিৎসাৰ অভাৱত যু্ঁজিছে মৃত্যুৰ সৈতে, চৰকাৰক সহায়ৰ বাবে আহ্বান

 11/22/2020 - 19:27

 


লংকাঃ হোজাই জিলাৰ লামডিং সমষ্টিৰ অন্তৰ্গত নখুটি ৩ নং চাৰ্থেগাঁৱৰ দুটি সন্তানৰ পিতৃ আব্দিল হুছেইন নামৰ যুৱকে আজিৰ পৰা ৯ বছৰ আগতে কৰ্মৰ সন্ধানত চুবুৰীয়া ৰাজ্য মেঘালয় কয়লা খনিত শ্ৰমিক ৰূপে কৰ্মৰত আছিল, কিন্তু নিষ্ঠুৰ নিয়তিৰ হাতোৰাত পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী যুৱকজন দুৰ্ঘটনাত পতিত হৈ গুৰুত্বৰ বাবে আহঁত হয়।দুৰ্ঘটনাটোত যুৱকজনৰ কঁকালৰ হাড়ৰ লগতে ভৰি দুখন ভাঙি যায়।

 
প্ৰথম পৰ্যায়ত পৰিয়ালৰ লোকে মাটি বাৰী বিক্ৰী কৰি চিকিৎসা কৰাইছিল যদিও সম্পূৰ্ণ নহ'ল, বৰ্তমানে ধনৰ অভাৱত চিকিৎসাৰ পৰা বঞ্চিত হৈ ছটফটাইছে বিছনাত। ইফালে আব্দিল হুছেইনৰ অতি দ্ৰৰিদ্ৰ পৰিয়ালটোৱে যুৱকজনক লৈ হাহাকাৰ কৰি উঠিছে নখুটি ৩ নং চাৰ্তেগাও ঘৰখনত। দুটি সন্তানৰ পিতৃ আব্দিল হুছেইনৰ পত্নীয়ে সন্তানক বুকুত সাৱটি হিয়া ঢাকুৰি কান্দিছে। বিগত কেইদিনমান ধৰি কান্দোনৰ ৰোল উঠিছে দুৰ্ভগীয়া পৰিয়ালটোত।

এইক্ষেত্ৰত পৰিয়ালটোৱে অসম চৰকাৰ তথা কোনো হৃদয়বান লোকৰ পৰা অকণমান সহায়ৰ হাত আগবঢ়াবলৈ কাতৰ আহবান জনাইছে। সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাদেৱৰ কালজয়ী গীত কলি "মানুহে মানুহৰ বাবে অকনো সহানুভূতিৰে ভাবিব কোনেনো কোৱা"কথাশাৰীকে সৰোগত কৰি আমিও অকণমান সহায়ৰ হাত আগবঢ়াও এই দুৰ্ভগীয়া পৰিয়ালটোক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।