02/01/2021 - 13:39
in
তামুলপুৰঃ ভক্তি ৰসত বুৰ গৈছে তামুলপুৰৰ গুৱাবাৰী শান্তি আশ্ৰম। বিশ্ব শান্তি আৰু আধ্যাত্মিক উন্নতিৰ কামনাৰে আজিৰে পৰা তামুলপুৰ মহকুমাৰ গুৱাবাৰী শান্তি আশ্ৰমত আৰম্ভ হৈছে শ্ৰীমদ ভাগৱত সপ্তাহ, জ্ঞানযজ্ঞ ও শ্ৰীশ্ৰী বিষ্ণু মহাযজ্ঞ কাৰ্যসূচী। সাতদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আজিৰে পৰা আৰম্ভ হোৱা এই অনুষ্ঠানৰ প্ৰথম দিনাই ভাগ লয় বিটিআৰৰ নৱ নিযুক্ত কাৰ্যবাহী সদস্য ধৰ্ম নাৰায়ণ দাসে। ইয়াৰ পিছতে ধৰ্মীয় ধ্বজা উত্তোলন কৰে শ্ৰী মৎ স্বামী সম্পূৰ্ণানন্দ স্বৰস্বতীয়ে। পুৱাই শান্তি আশ্ৰম প্ৰাংগণৰ পৰা উলিওয়া এক সাংস্কৃতিক ধৰ্মীয় শোভাযাত্ৰা মুকলি কৰে বিটিআৰৰ নৱ নিযুক্ত কাৰ্যবাহী সদস্য ধৰ্ম নাৰায়ণ দাসে।
প্ৰত্যেক জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰা উক্ত শোভাযাত্ৰাই বৃহত্তৰ গুৱাবাৰী অঞ্চল পৰিভ্ৰমণ কৰি বৰনদীৰ পৰা জলযাত্ৰা কৰি পুনৰ মন্দিৰ আশ্ৰম প্ৰাংগনলৈ ঘূৰি আহে। আজিৰে পৰা অহা ৭ ফেব্ৰুৱাৰীলৈ চলিব লগা এই অনুষ্ঠানত প্ৰতিদিনে দিনজোৰা কাৰ্যসূচীৰে বেদ পাঠ, বিষ্ণু মহাযজ্ঞ, ভাগৱত প্ৰবচন, আৰতি আৰু ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠান চলিব বুলি জানিবলৈ দিছে আয়োজক সমিতিয়ে। বিগত বহু বছৰ ধৰি চলি অহা সীমান্তৰ এই ধৰ্মীয় অনুষ্ঠানে সম্প্ৰতি অধিক জনপ্ৰিয় হৈ উঠিছে। ৰাজ্যৰ দূৰ-দূৰণিৰ ভক্ত প্ৰাণ লোকে কথা প্রবচন শুনিবলৈ আহে এই অনুষ্ঠানত। স্থানীয় লোকৰ মতে, শান্তি আশ্ৰমত অনুষ্ঠিত এই ধৰ্মীয় অনুষ্ঠানৰ দ্বাৰা সকলোৰে মন, প্ৰাণ আৰু আধাত্মিক দিশ যথেষ্ট উন্নতি হৈছে। লগতে সকলো শ্ৰেণীৰ ৰাইজৰ উপস্থিতিও কামনা কৰিছে আয়োজক সমিতিয়ে।