মৰিগাঁৱত অবৈধ ইটা ভাটাক লৈ ৰাইজৰ তীব্ৰ উত্তেজনা

 05/19/2021 - 13:02

 

মৰিগাঁওঃ মৰিগাঁও জিলাৰ ধৰমতুল থানাৰ অন্তৰ্গত নাৰমাৰিৰ গাতে লাগি থকা শ’লমাৰী ডেকাগাঁৱৰ উজনমাৰিৰ মূল শস্য পথাৰত নৱ নিৰ্মিত এটা ইটা ভাটাক লৈ তীব্ৰ চাঞ্চল্য৷ সমগ্ৰ অসমবাসী ক’ৰণা আতংকৰ মাজতে শ’লমাৰী গাঁৱৰ বহু খেতিয়কৰ পেটত গুৰ মাৰি নতুন ইটাভাটা নিৰ্মাণৰ বাবে এটা দুষ্টচক্ৰৰ চকু এতিয়া কৃষকৰ খেতি মাটিত৷ ৰাইজৰ দাবী অনুসৰি যোৱা দুমাহমানৰ পৰা এই ইটাভাটাৰ নিৰ্মাণ কাৰ্য পূৰ্ণ গতিত চলি আছে বহু সংগোপনে৷ শ’লমাৰী গাঁৱৰ ৰাইজে বহুবাৰ প্ৰত্যক্ষ বাধা প্ৰদান কৰে আৰু জিলাৰ বিভাগীয় চৰকাৰী বিষয়াক অৱগত কৰাৰ পিছতো বন্ধ হোৱা নাই উক্ত নিৰ্মাণ কাৰ্য্য৷

হাজাৰ বিঘা কৃষিভূমি নষ্ট হবলগীয়া এই বিয়াগোম নিৰ্মীয়মান ইটা ভাটাটো বন্ধ কৰিবলৈ ৰাইজে পোৱা নাই কাৰো সহাৰি৷ তাকে লৈ মঙলবাৰে সৃষ্টি হল এক হুৱাদুৱা পৰিস্থিতি৷ উল্লেখ্য যে নাৰমাৰিৰ গোবিন ডেকা আৰু তেওঁৰ কিছু সহযোগীয়ে তেওঁলোকৰ কমসংখ্যক ম্যাদি পত্তাৰ মাটিক গইনালৈ সমগ্ৰ বৃহৎ পৰিমানৰ কৃষিভূমিক সামৰি লোৱাৰ পৰিকল্পনাৰে চলাই আছে ইটাভাটাৰ নিৰ্মাণ কাৰ্য৷ উক্ত বিষয়ক লৈ শ’লমাৰী কৃষসকলে এতিয়া মাৰবান্ধি ওলাই অহাৰ লগতে এনে দুস্কৃতিকাৰীক দমন কৰি ৰাইজৰ কৃষিভূমি ৰক্ষা কৰাৰ ক্ষেত্ৰত ফলপ্ৰসূ পদক্ষেপ লবলৈ নতুন চৰকাৰখন আহ্বান জনায়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।