06/09/2021 - 14:31
in
শালবাৰীঃ বাক্সাৰ লাৱদাংগুৰী পথাৰত পুনৰ বন্যহস্তীৰ তাণ্ডৱ। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা বন্যহস্তীয়ে যোৱানিশা অঞ্চলটোত প্ৰৱেশ কৰি চাৰিটাকৈ বাসগৃহ ভাঙি তহিলং কৰে।
বাসগৃহ ভঙাৰ উপৰিও ভঁৰালৰ ধান খাই তহিলং কৰে বন্যহস্তীটোৱে। ইফালে বন্যহস্তীৰ আক্ৰমণৰ পৰা কোনোমতেহে প্ৰাণ ৰক্ষা কৰি পলাবলৈ সক্ষম হয় পৰিয়াল চাৰিটা।
ইপিনে বন্যহস্তীৰ আক্ৰমণৰ ঘটনা জানিব পাৰি ভুক্তভোগী পৰিয়ালৰ কাষত ঠিয় দিয়ে BTRৰ কাৰ্যবাহী সদস্য তথা মঠনগুৰী সমষ্টিৰ স্থানীয় MCLA গৌতম দাসে।
পৰিয়ালকেইটাৰ খা-খবৰ লোৱাৰ উপৰিও কিছু পৰিমাণে আৰ্থিক সাহায্য প্ৰদান কৰে নেতাগৰাকীয়ে। দাসে উপস্থিত ৰাইজৰ সন্মুখতে উৰ্ধতন বন কৰ্তৃপক্ষৰ সৈতে ফোনত কথা পাতি শীঘ্ৰেই এই সমস্যাৰ স্থায়ী সমাধান কৰিব বুলি আশ্বাস প্ৰদান কৰে।