ক’ভিড প্ৰ’টকল আৰু যান-বাহন আইন ৰক্ষাৰ্থে ডুমডুমা আৰক্ষীৰ অভিযান

 06/16/2021 - 15:11

 

ডুমডুমাঃ যান-বাহন আইন আৰু ক’ভিড প্ৰটকল অমান্য কৰা একাংশ মটৰ চাইকেল আৰোহীৰ বিৰুদ্ধে আজি ডুমডুমা আৰক্ষীয়ে অভিযান চলাই। ডুমডুমা পুলিচ পইন্টত আকস্মিকভাৱে নাকা লগাই আৰক্ষীয়ে শতাধিক মটৰ চাইকেল আৰোহীৰ বিৰুদ্ধে নগদ ধনৰ জৰিমনা বিহে।

ক’ভিড SOP অনুসৰি ১২ বজাৰ লগে লগে বজাৰ আৰু যানবাহন চলাচল বন্ধ হৈ পৰে যদিও পুৱা ৯ বজাৰ পৰা ১২ বজালৈ বিশেষকৈ একাংশ মটৰ চাইকেল আৰোহীয়ে ক’ভিড প্ৰটকল আৰু যান-বাহন আইনৰ প্ৰতি বুঢ়া আঙুলি দেখুৱাই অহা পৰিলক্ষিত হয় যাৰ বাবে আজি উপ পৰিদৰ্শক চিত্তৰঞ্জন বুঢ়াগোহাঁইৰ নেতৃত্বত ডুমডুমা আৰক্ষীয়ে এই অভিযান চলাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।