07/01/2021 - 15:43
in
বাহাৰঘাটঃ ৰঙিয়া ৰে’লৱে কলনিৰ পৰা চাইকেল চুৰি কৰি বালিসত্ৰত বিক্ৰী কৰিবলৈ লোৱা অৱস্থাত ৰাইজে হাতে-লোটে ধৰে তৰিক আলি নামৰ ৩৩ বছৰীয়া চাইকেল চোৰটোক৷ ধৃত চোৰজন কঞাঁ আৰক্ষী থানাৰ অন্তৰ্গত ২নং ধুহিৰ ৺আচাদ আলিৰ পুত্ৰ বুলি জানিব পৰা গৈছে৷
বৰ্তমান কঞাঁ থানাত জেৰা অব্যাহত আছে ধৃত চোৰটোৰ৷ চোৰটোৰ পৰা বহুতো তথ্য উদঘাটন হব বুলি আৰক্ষী সুত্ৰত জানিব পৰা গৈছে৷ চাইকেলৰ গৰাকীৰ সম্বন্ধীয় লোকৰ ওচৰত চাইকেল বিক্ৰী কৰিবলৈ লোৱা অৱস্থাতে ধৰা পৰে চোৰজন৷