গীতে-মাতে মুখৰিত শাওণৰ পথাৰঃ এশ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি জামুগুৰিহাটৰ পথাৰত কৃষি কৰ্ম কৰিছে দুখন গাঁৱৰ গঞাঁই

 07/18/2021 - 14:17

 

 

জামুগুৰিহাটঃ এশ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি ভৰ বাৰিষাৰ শাওণৰ পথাৰত নামিছে দুখন গাঁওৰ গঞাঁ। কোনোৱে যদি কঠিয়া তুলিছে, কোনোৱে দাঙিছে কঠিয়াৰ ভাৰ, কোনোৱে আকৌ আলিপাৰ দিয়াৰ লগতে জাক জাক ৰোৱনীয়ে ৰুইছে ভূঁই। এইয়া জামুগুৰিহাটৰ শাওণৰ পথাৰৰ এক মনোৰম দৃশ্য। এশ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি এইদৰেই জামুগুৰিহাটৰ ডেকাচুক আৰু গোধমৰাচুক গাঁৱৰ ৰাইজে বছৰ বছৰ ধৰি গাঁও দুখনৰ সমূহীয়া মাটিত কৰি আহিছে খেতি।

হালোৱাই হাল বাই উলিয়াই দিয়া মাটি দৰাত এইদৰে বিহু গীত গাই আনন্দ উল্লাসৰ মাজেৰেই ৰোৱনী সকলে ভূই ৰোৱাৰ লগতে কঠিয়া তোলা সকলেও আনন্দ মনৰে নাচি বাগি কৃষি কৰ্মত মনোনিবেশ কৰিলে। দুপৰীয়া বোকা-পানীৰ মাজত সকলো গঞাঁই মিলি এসাজ খোৱাৰ মাদকতাই যেন সুকীয়া৷ চিপচিপিয়া বৰষুণত তিতি শাওণৰ ক্লেদাক্ত পথাৰত সমূহীয়াভাৱে কৃষি কৰ্মত নমা এইসকল গঞাঁ ৰাইজৰ মাজত নাই কোনো কৃত্ৰিমতা।

যিটো সময়ত আধুনিকতাৰ পৰশ পৰি আমাৰ গ্ৰাম্য সমাজৰ পৰা কিছুমান সমূহীয়া প্ৰথা নাইকিয়া হব'লৈ ধৰিছে সেই সময়তে জামুগুৰিহাটৰ এই দুখন গাঁৱৰ ৰাইজে নিজৰ এশ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি এইদৰে সমূহীয়াভাৱে কৃষি কৰ্ম কৰা ব্যৱস্থাটো অত্যন্তই ইতিবাচক হিচাপে চিহ্নিত হৈছে।  

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।