07/18/2021 - 18:07
in
মৰিয়নিঃ মৰিয়নি সোনোৱাল চাহ-বাগিচাৰ প্ৰেক্ষাগৃহত আজি মৰিয়নিৰ ৩২খন বাগিচাৰ শ্ৰমিকসকলৰ বাগিচাৰ গৃহৰ অনাদাই বিদ্যুৎ বিলৰ সংক্ৰান্তত এখনি সভা আয়োজন কৰি প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু বাগিচাৰ সভাপতি সম্পাদকসকলৰ লগত সভাত আলোচনা কৰে।
আৰু এই সভাত APDCL ৰ মুখ্য অভিযন্ত্ৰা সৈতে যোৰহাট জিলাৰ মুখ্য কাৰ্যবাহী বিষয়া উপস্থিত থাকে। উল্লেখযোগ্য যে এই সভাত APDCLৰ কিছুমান কৰ্মচাৰীৰ ভূলৰ বাবেই যে বাগিচাৰ শ্ৰমিকসকলে এই অতিৰিক্ত বিলৰ বুজা বহন কৰিব লগা হৈছে। সেয়েহে সন্মানীয় মন্ত্ৰী মহোদয়ক এই অতিৰিক্ত বিল মাফ কৰি দিবৰ বাবে বাগিচাৰ শ্ৰমিকসকলে অনুৰোধ জনায়।