সমাগত ঈদঃ ঈদৰ প্ৰাকমূহুৰ্তত শতাধিক অভাৱগ্ৰস্থ শিশুক বস্ত্ৰ বিতৰণেৰে হাঁহি বিৰিঙাইছে "জোনাক ফাউণ্ডচনে"

 07/20/2021 - 13:49

 

শালবাৰীঃ এজাক অভাৱগ্ৰস্থ শিশু৷ খহটা দুগাল তথা মলিয়ন বস্ত্ৰত স্পষ্ট অভাৱগ্ৰস্থতাৰ চিন৷ কিন্তু তাৰ মাজতে এই শিশুসকলৰ মুখলৈ হাঁহি বিলাবলৈ আহিছে "জোনাক ফাউণ্ডেচন"বেচৰকাৰী সংস্থা৷ "জোনাক ফাউণ্ডেচনে" বৰপেটাৰ কাটাঝাৰৰ শতাধিক অভাৱগ্ৰস্ত শিশুক বিতৰণ কৰিলে বস্ত্ৰসমাগত ঈদ উপলক্ষে এই কণ কণ শিশুসকলক বস্ত্ৰ বিতৰণ কৰাৰ কথা জানিবলৈ দিয়ে সংস্থাটোৱে৷

উল্লেখ্য যে ক'ভিড দুৰ্যোগৰ দীৰ্ঘ কালছোৱাত দুৰ্গতজনক অত্যাৱশ্যকীয় খাদ্য, বস্ত্ৰ, ঔষধ ইত্যাদি বিতৰণ কৰি জনতাৰ আপোন হৈ পৰিছে "জোনাক ফাউণ্ডেচন"৷ তাৰ মাজতে ঈদ উপলক্ষে কণ কণ শিশুসকলক বস্ত্ৰ বিতৰণ কাৰ্যক শলাগ লৈছে ৰাইজে৷ উল্লেখ্য যে আজিৰ কাৰ্যসূচীত কাটাঝাৰ পথাৰ আঞ্চলিক ক্ৰীড়া সংঘৰ সদস্যসকলে সহযোগ আগবঢ়ায়৷

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।