চতিয়াৰ ৰূপমঞ্জিল শ‌ইকীয়া নামৰ এজন যুৱকে পেলনীয়া সামগ্ৰীৰে ঘা কটা মেচিন উদ্ভাৱন

 07/22/2021 - 16:59

 


জামুগুৰিহাটঃ চতিয়াৰ উদয়পুৰ গাঁৱৰ যুৱক ৰূপমঞ্জিল শ‌ইকীয়া পেশাত বন বিভাগৰ অস্থায়ী কৰ্মচাৰী বৰ্তমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত। এইজন যুৱকে ঘৰৰ পেলনীয়া সামগ্ৰীৰে সাজি উলিয়াইছে বিদ্যুৎ চালিত ঘা কটা মেচিন। যিটো মেচিনে কম সময়তে অধিক ঘা কাটিবলে সক্ষম হয়। ৰূপমঞ্জিল শ‌ইকীয়া কিছুদিন পূৰ্বে ক'ভিডত আক্ৰান্ত হৈ ক'ভিড কেয়াৰ চেণ্টাৰত চিকিৎসাধীন হৈ থকাৰ পাছত চতিয়াৰ নিজৰ গৃহত আছুতীয়াকৈ থকাৰ সময়তে এই মেচিনটো উদ্ভাৱন কৰে। ৰূপমঞ্জিলে আশা কৰে চৰকাৰে এই ঘা কটা মেচিনটোক মান্যতা দিলে গো পালক সকল উপকৃত হোৱাকৈ নতুন ৰূপত এই মেচিন তৈয়াৰ কৰি বজাৰত সহজলভ্য কৰিব পৰা যাব। এই মেচিনৰে গো পালকৰে নহয় ক্ষুদ্ৰ চাহ কৃষক উপান্ত কৃষকসকলেও খেতি পথাৰৰ পৰা ঘা বন চিকুনাব পাৰিব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।