ঈদৰ নিশা গৌৰীপুৰত লোমহৰ্ষক হত্যাকাণ্ডঃ বন্ধুয়ে মাতি নি হত্যা কৰিলে বন্ধুক

 07/23/2021 - 12:19

 

 

 

গৌৰীপুৰঃ ঈদৰ নিশাই ধুবুৰী জিলা গৌৰীপুৰৰ মধুশৌলমাৰী গাঁৱত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। মধুশৌলমাৰী দ্বিতীয় খণ্ড গাঁৱৰ ক্ষুদ্ৰ ব্যৱসায়ী বেল্লাল উদ্দিন নামৰ ৩৩ বছৰীয়া যুৱকজনক ঘৰৰ পৰা মাতি নি হত্যা কৰিলে তিনি চাৰিজনীয়া এটা বন্ধুৰ দলে। কালি সন্ধিয়া ইয়াকুব আলী, ছানোৱাৰ হুছেইন, তাহেৰ আলী আৰু আজিজুৰ নামৰ চাৰিজনীয়া বন্ধুৰ দলটোৱে বেল্লালক ঘৰৰ পৰা মাতি নিছিল। নিশা দহ মান বজাত বেল্লালৰ পত্নীয়ে বেল্লালৰ মোৱাইল ফোনত ফোন কৰে, কিন্তু স্বামীৰ মোবাইল চুইচ অপ হৈ থকাত বেল্লালৰ বন্ধু কেইজনকো ফোন কৰে যদিও বন্ধু কেইজনৰ মোবাইল চুইচ অফ হৈ আছিল।

তাৰ পাছত পৰিয়ালটোৰ লোকে বেল্লালৰ সন্ধান বিচাৰি নিশা ১১ মান বজাত বন্ধু কেইজনৰ ঘৰলৈ যোৱা সময়ত পথৰ দাতিত বেল্লালক পৰি থকা দেখা পাই ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে বেল্লালক মৃত্যু বুলি ঘোসণা কৰে। লগে-লগে গাঁওখনত একা শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। ঘটনা সন্দৰ্ভত আজি বেল্লালৰ পৰিয়ালে গৌৰীপুৰ থানাত এখন এজাহাৰ দাখিল কৰাত পুৱা ১১ মান বজাত বেল্লালৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰক্ষীয়ে। এতিয়া প্ৰশ্ন হৈছে বেল্লালক পৰিকল্পিতভাৱে হত্যা কৰাৰ আৰত কি ৰহস্য লুকাই আছে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। আৰক্ষীৰ তদন্তৰ পাছতহে এই হত্যাকাণ্ডৰ প্ৰকৃত ৰহস্য ওলাই পৰাৰ সম্ভাৱনা আছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।